অসম

assam

ETV Bharat / sitara

ড্ৰাগছৰ বিৰুদ্ধে সজাগতা অনাৰ উদ্দেশ্যে ‘The চাইলেণ্ট কিলাৰ’ শীৰ্ষক চুটি ছবি - ৰঙিয়া

ড্ৰাগছৰ বিৰুদ্ধে সজাগতা অনাৰ উদ্দেশ্যে ৰঙিয়াত ‘The Silent Killer’ (The চাইলেণ্ট কিলাৰ) শীৰ্ষক এখন চুটি ছবি ৷ সঙ্গীত স্কুল অৱ ড্ৰামাৰ বেনাৰত নিৰ্মাণ হোৱা ছবিখনৰ পৰিচালক পংকজ পল্লৱ শৰ্মা আৰু প্ৰযোজক নিপন ভূঞা । বৰ্তমান এই ছবিখন ইউ টিউবতো উপলব্ধ ৷

The Silent Killer short film made in Rangia
ড্ৰাগছৰ বিৰুদ্ধে ‘The চাইলেণ্ট কিলাৰ’ শীৰ্ষক চুটি ছবি নিৰ্মাণ

By

Published : Nov 1, 2020, 11:14 AM IST

ৰঙিয়া,1 নৱেম্বৰ : ৰঙিয়াত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা আনিবলৈ এক ব্যতিক্ৰমী প্ৰয়াস । ড্ৰাগছৰ বিৰুদ্ধে সজাগতা অনাৰ উদ্দেশ্যে নিৰ্মাণ কৰা হৈছে ‘The Silent Killer’ (The চাইলেণ্ট কিলাৰ) নামেৰে এখন চুটি ছবি । সাম্প্ৰতিক সময়ত ড্ৰাগছে যুৱ প্ৰজন্মৰ মাজত নীৰৱ ঘাটকৰ ভূমিকা পালন কৰি আছে । ড্ৰাগছ সেৱন কৰা এচাম নৱ প্ৰজন্মৰ বাবে তেওঁলোকৰ পৰিয়াললৈ নামি আহে ঘোৰ অন্ধকাৰ । এই সকলোবোৰ সামৰি ড্ৰাগছৰ ভয়াৱহতা সকলোৱে উপলব্ধি কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছে এই ছুটী ছবিখন ।

ড্ৰাগছৰ বিৰুদ্ধে ‘The চাইলেণ্ট কিলাৰ’ শীৰ্ষক চুটি ছবি নিৰ্মাণ

শেহতীয়াকৈ ড্ৰাগছৰ ট্ৰেনজিত পইণ্টত পৰিণত হৈছে ৰঙিয়া চহৰখন। ড্ৰাগছ সেৱন কৰি বহু যুৱক অসুস্থ হৈ চিকিৎসাধীন হোৱাৰ লগতে কৰুণভাৱে মৃত্যুকো আঁকোৱালি লৈছে । সেয়েহে সময় থাকোতেই নৱ প্ৰজন্মৰ লগতে অভিভাৱক সকলেও ড্ৰাগছৰ ভয়াৱহতাৰ প্ৰতি সচেতন হোৱাতো নিত্যান্তই প্ৰয়োজনীয় ।

ড্ৰাগছৰ বিৰুদ্ধে ‘The চাইলেণ্ট কিলাৰ’ শীৰ্ষক চুটি ছবি নিৰ্মাণ

ড্ৰাগছৰ সজাগতাক লৈ নিৰ্মাণ কৰা এই চুটি ছবিখনত বহু ন-পুৰণি শিল্পীৰ সমাহাৰ ঘটা পৰিলক্ষিত হৈছে ৷ সঙ্গীত স্কুল অৱ ড্ৰামাৰ বেনাৰত নিৰ্মাণ হোৱা ছবিখনৰ পৰিচালক পংকজ পল্লৱ শৰ্মা আৰু প্ৰযোজক নিপন ভূঞাৰ । সজাগতামূলক এই ছবিখন বৰ্তমান ইউ টিউবতো উপলব্ধ ৷

লগতে পঢ়ক :এইবাৰ অংক মাষ্টৰৰ ৰূপত বিধায়ক ৰকিবুল হুছেইন

ABOUT THE AUTHOR

...view details