অসম

assam

ETV Bharat / sitara

টাৱাং মহোৎসৱ উপলক্ষে টাৱাঙত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত - Tawang festival 2019 news

দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পেলাই আজিৰে পৰা অৰুণাচল প্ৰদেশত আৰম্ভ হৈছে টাৱাং মহোৎসৱ -2019 ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পুৱাই উপস্থিত হয় আমেৰিকা যুক্তৰাষ্টৰ ৰাষ্ট্ৰদূত কেনেথ জাষ্টাৰ ৷

টাৱাঙত আমেৰিকা যুক্তৰাষ্টৰ ৰাষ্ট্ৰদূত

By

Published : Oct 28, 2019, 4:20 PM IST

Updated : Oct 28, 2019, 5:39 PM IST

তেজপুৰ,28 অক্টোবৰঃআজিৰে পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত হ'ব লগা এই মহোৎসৱৰ উদ্ধোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহি পুৱা উপস্থিত হয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত কেনেথ জাষ্টাৰ ৷ দেশ বিদেশৰ পৰ্যটকক আকৰ্ষণ কৰা আৰু পৰ্যটনৰ লগতে ৰাজ্যখনৰ আৰ্থিক উন্নয়ন আৰু বিকাশ সাধন কৰাই টাৱাং উৎসৱৰ মূল লক্ষ্য ৷ এই মহোৎসৱত অৰুণাচল প্ৰদেশৰ মনপা জনগোষ্ঠীয় লোকসকলে বৌদ্ধ ধৰ্মৰ যাজক সমন্বিতে এছিয়াৰ প্ৰসিদ্ধ টাৱাং বৌদ্ধমঠৰ পৰা শোভাযাত্ৰা কৰি উপস্থিত হ'ব মহোৎসৱস্থলীত ৷

টাৱাঙত আমেৰিকা যুক্তৰাষ্টৰ ৰাষ্ট্ৰদূত

উল্লেখ্য যে, উত্তৰ-পূৰ্বাঞ্চলৰ ছুইজাৰলেণ্ড হিচাপে পৰিচিত অৰুণাচল প্ৰদেশৰ টাৱাং জিলাত 2012 চনৰ পৰাই অনুষ্ঠিত হৈ আহিছে টাৱাং উৎসৱ ৷ আজি সন্ধিয়া আনুষ্ঠানিকভাৱে উদ্ধোধন কৰা হ'ব এই মহোৎসৱৰ ৷ এই মহোৎসৱত অৰুণাচল প্ৰদেশৰ মনপা জনগোষ্ঠীয় লোকসকলে বৌদ্ধ ধৰ্মৰ যাজক সমন্বিতে এছিয়াৰ প্ৰসিদ্ধ টাৱাং বৌদ্ধমঠৰ পৰা শোভাযাত্ৰা কৰি উপস্থিত হ'ব মহোৎসৱস্থলীত ।এই মহাৎসৱত প্ৰদৰ্শন কৰা হ'ব য়াক নৃত্য , মনপা ধৰ্মীয় লোকনৃত্য আৰু অৰুণাচল প্ৰদেশৰ জনগোষ্ঠীয় নৃত্য 'আজি লামো ডাঞ্চ' (AJI LHAMU DANCE ) ৷

Last Updated : Oct 28, 2019, 5:39 PM IST

ABOUT THE AUTHOR

...view details