চিটাৰা ডেস্ক,15 নৱেম্বৰ : আজি কলকাতাৰ এখন স্থানীয় হাস্পতালত 85 বছৰ বয়সত প্ৰখ্যাত অভিনেতা সৌমিত্ৰ চেতাৰ্জীৰ দেহাৱসান ঘটে ৷ কৰ’ণা মহামাৰীৰ পৰা সুস্থ হৈছিল যদিও বিভিন্ন স্বাস্থ্যজনিত সমস্য়াত ভুগি আছিল অভিনেতা গৰাকী ৷ কিছুদিন পূৰ্বে হাস্পতালত ভৰ্তি কৰোৱাৰ পাচত আজি পৰলোক প্ৰাপ্তি হয় অভিনেতা গৰাকীৰ ৷
1935 চনৰ 19 জানুৱাৰীত ব্ৰিটিছ ভাৰতৰ বেংগলৰ কৃষ্ণা নগৰত জন্মগ্ৰহণ কৰা সৌমিত্ৰ চেতাৰ্জীৰ বাস্তৱ নাম আছিল উত্তম কুমাৰ ৷
বিশ্ববিদ্য়ালয়ত অধ্যয়ণৰত অৱস্থাৰ পৰাই তেওঁ অভিনয়ৰ শৈলী গ্ৰহণ কৰিছিল ৷ 2004 চনত ভাৰত চৰকাৰৰ দ্বাৰা কলা ক্ষেত্ৰৰ ‘পদ্ম ভূষণ’ উপাধিৰে সন্মানিত কৰা হৈছিল অভিনেতা গৰাকীক ৷ সৌমিত্ৰ চেতাৰ্জীয়ে ছবি জগতলৈ আগবঢ়োৱা অমূল্য অৱদানৰ বাবে 2021 চনত তেওঁ ‘দাদা চাহেব ফাল্কে বঁটা’ও লাভ কৰিছিল ৷
তেওঁ অল ইণ্ডিয়া ৰেডিঅ’ৰ এগৰাকী ঘোষক হিচাপে প্ৰথম চাকৰিৰ পাতনি মেলিছিল ৷ ইয়াৰ পাচতে নিৰ্দেশক সত্যজিৎ ৰয়ৰ সৈতে বাংলা ছবি জগতত ভৰি দিয়ে আৰু তেওঁৰ 14 খন ছবিত অভিনয় কৰে সৌমিত্ৰ চেতাৰ্জীয়ে ৷
সৌমিত্ৰ চেতাৰ্জীৰ বাংলা ছবিসমূহৰ ভিতৰত আছে- অপুৰ সংসাৰ, তীন কন্য়া, অভিজন, চাৰুলতা, কুপুৰুষ, অৰণ্য়েৰ দিন ৰাত্ৰি, অশনী সংকেত, সোণাৰ কেলা, জয় বাবা ফেলুনাথ, হীৰক ৰাজাৰ দেশে, গণশত্ৰু আদি ৷