বজালী,31 অক্টোবৰঃ বজালীৰ সৰুপেটা ভালাগুৰীত 5 দিনীয়াকৈ উদযাপন কৰা হৈছে কালী পূজা ৷ প্ৰতিদিনে পূজাথলীত সমাগম ঘটে অগণন মানুহৰ ৷ এই কালী পূজাৰ মাজতে ৰখা হয় বিভিন্ন সাংস্কৃতিক অনুষ্ঠান ৷ কালী পূজা উপলক্ষে সাংস্কৃতিক সন্ধিয়াত জনপ্ৰিয় কন্ঠশিল্পী বাবু বৰুৱাই মঞ্চত সংগীত পৰিৱেশন কৰি ৰাইজক আকৃষ্ট কৰে ৷
বজালীত বাবুৰ গীতেৰে জীপাল নিশা - bajali babu assamese songs
বজালীৰ সৰুপেটা ভালাগুৰীত 5দিনীয়াকৈ অনুষ্ঠিত হোৱা কালীপূজাত বুধবাৰে নিশা সংগীত পৰিৱেশন কৰে সংগীত শিল্পীগৰাকীয়ে
বজালীত বাবু বৰুৱা
বাবুৰ জনপ্ৰিয় গীত পেডেল মাৰি মাৰিৰ পৰা আৰম্ভ কৰি বহু জনপ্ৰিয় গীত পৰিৱেশন কৰি আপ্লুত কৰি তোলে উপস্থিত দৰ্শকক ৷ উল্লেখ্য যে,ভালাগুৰীৰ দৰে অঞ্চলত এনে ধৰণৰ পূজা উৎসৱ আয়োজনে বৃহত্তৰ অঞ্চলৰ ৰাইজক একতাৰে বান্ধি ৰখাৰ লগতে সকলোকে শাৰদীয় বতৰৰ তৃপ্তি লাভ কৰাৰ সুযোগ দি আহিছে ৷