চিটাৰা ডেস্ক, 30 ছেপ্তেম্বৰ : ৰাষ্ট্ৰীয় টেলিভিশ্বন চেনেল ষ্টাৰ প্লাছ(Star PLus)ত সম্প্ৰচাৰিত ধাৰাবাহিক ‘কছৌতি জিন্দেগী কী’(Kasauti Zindagi Ki)ৰ জনপ্ৰিয় অভিনেত্ৰী ‘প্ৰেৰণা’ খ্যাত শ্বেতা তিৱাৰী(Shweta Tiwari)ক ভৰ্তি কৰোৱা হৈছে হাস্পতালত ৷ শাৰীৰিক অসুস্থতাৰ হেতু অভিনেত্ৰীগৰাকীক হাস্পতালত ভৰ্তি কৰোৱা বুলি জানিব পৰা গৈছে ৷
সংবাদ মাধ্যমে লাভ কৰা তথ্য অনুসৰি, অভিনেত্ৰীগৰাকীয়ে ব্যস্ততাৰ হেতু পৰ্যাপ্ত বিশ্ৰাম ল’ব পৰা নাছিল ৷ ইয়াৰ লগতে বতৰৰ সঘন পৰিৱৰ্তনৰ বাবে শ্বেতাই অসুস্থ অনুভৱ কৰে ৷ দুৰ্বলতা আৰু নিম্ন ৰক্তচাপৰ বাবে শ্বেতাক ভৰ্তি কৰোৱা হৈছে হাস্পতালত ৷ সম্প্ৰতি অভিনেত্ৰীগৰাকীৰ স্বাস্থ্যৰ অৱস্থা পূৰ্বৰ তুলনাত সুস্থিৰ আৰু শীঘ্ৰেই ঘৰলৈ উভতিব শ্বেতা ৷
শ্বেতাই চলিত বৰ্ষত ৰিয়েলিটি শ্ব’ ‘খতৰো কে খিলাড়ী’(Khatron Ke Khiladi)ৰ 11 নং চিজনত অংশগ্ৰহণ কৰি শ্বুটিঙৰ বাবে দক্ষিণ আফ্ৰিকালৈ গৈছিল ৷ কিছুদিন পূৰ্বে শ্বেতাৰ ব্যক্তিগত জীৱনেও সংবাদ শিৰোনাম দখল কৰিছিল ৷ বিবাহ বিচ্ছেদিত স্বামী অভিনৱ কোহলীয়ে তেওঁলোকৰ পুত্ৰৰ পৰা শ্বেতাক পৃথক কৰাৰ এক অভিযোগ উত্থাপিত হৈছিল ৷