চিটাৰা ডেক্স,2 ছেপ্টেম্বৰঃ বলিউড অভিনেত্ৰী শিল্পা ছেট্টীয়ে মহাৰাষ্ট্ৰ আৰু দেশৰ অন্য প্ৰান্তত বৰ আনন্দ-উৎসাহেৰে পালন কৰা গণেশ উৎসৱৰ শুভক্ষণত ঘৰলৈ আদৰি আনে গণপতিক ৷ দেওবাৰে দুপৰীয়া গণেশ মূৰ্তিৰ সৈতে দেখা গ'ল জনপ্ৰিয় অভিনেত্ৰী শিল্পা চেট্টীক ৷ উল্লেখ্য যে অভিনেত্ৰীগৰাকীয়ে প্ৰতিবছৰে এনেদৰে নিজ গৃহলৈ গণপতিক আদৰি আনে আৰু অতি ধুমধামেৰে উদযাপন কৰে গণেশ চৰ্তুথী উৎসৱ ৷
শিল্পা ছেট্টী,বিবেক অৱৰয়ে নিজ গৃহলৈ আদৰি আনিলে গণপতিক
বিবেক অৱৰয়ে ইক'-ফ্ৰেণ্ডলীৰ গণপতি মূৰ্তি আনি আনন্দ-উৎসাহৰ মাজেৰে আয়োজন কৰিছে গণেশ উৎসৱ
শিল্পা ছেট্টী, বিবেক অৱৰয়ে নিজ গৃহলৈ আদৰি আনে গণপতিক
ইয়াৰ মাজতে বিবেক অৱৰয়ে গণপতি উৎসৱৰ প্ৰাক মূৰ্হুতত নতুন গণপতিৰ মূৰ্তি অনা দেখিবলৈ পোৱা গ'ল ৷ উল্লেখ্য যে,অভিনেতা গৰাকীয়ে ইক'-ফ্ৰেণ্ডলী গণপতি মূৰ্তি কিনিলে অভিনেতাগৰাকীয়ে ৷ বিবেকে ক'লে যে,"প্ৰত্যেক বছৰৰ দৰে এই বছৰো মোৰ ওচৰত এজন ইক'-ফ্ৰেণ্ডলী গণপতি বাপ্পা আছে ৷ য'ত কোনো ধৰণৰ কৃত্ৰিম ৰঙৰ প্ৰয়োগ কৰা হোৱা নাই ৷"এইখনিতে জনাই থওঁ যে, গণেশ চৰ্তুথী ভগৱান শিৱ আৰু দেৱী পাৰ্বতীৰ পুত্ৰ ভগৱান গণেশৰ জন্মৰ প্ৰতীক ৷ এই উৎসৱ উদযাপন কৰা হয় দেশৰ বিভিন্ন প্ৰান্তত ৷