চতিয়া, 21 জানুৱাৰীঃপ্ৰগতিশীল মন আৰু প্ৰগতিশীল চিন্তাধাৰাৰ এজন ব্যক্তি হৈছে জামুগুৰিহাটৰ ভ্ৰাম্যমাণ নাট্য জগতৰ পিতামহ স্বৰূপ, প্ৰবীন চলচ্চিত্ৰ অভিনেতা তথা নটসূৰ্য্য ফণী শৰ্মা বঁটা প্ৰাপক ভোলা কটকী ৷ এই মন্তব্য কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পুত্ৰ পৃথ্বিৰাজ ৰাভাৰ ৷ অসমৰ অন্যতম সাংস্কৃতিক অনুষ্ঠানপ্ৰজন্ম উন্মেষৰ উদ্যোগত জামুগুৰিহাটৰ বাপুজী ভৱনত সোমবাৰে বিয়লি অনুষ্ঠিত নাট্যশিল্পী ভোলা কটকীৰ ৮৬ সংখ্যক ওপজা দিন উপলক্ষে হোৱা এক গাম্ভীৰ্য্যপূৰ্ণ সভাত শিল্পীগৰাকীক প্ৰজন্ম উন্মেষনামৰ অনুষ্ঠানটিয়ে প্ৰদান কৰে জীৱনজোৰা সাধন বঁটা ৷ বঁটা প্ৰদান কৰাৰ লগতে বহু সংখ্যক অনুষ্ঠান প্ৰতিষ্ঠানে ওপজা দিন উপলক্ষে শিল্পীগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰি দীৰ্ঘায়ু কামনা কৰে ৷
ওপজা দিনতে ভোলা কটকীলৈ জীৱনজোৰা সাধন বঁটা
প্ৰবীন চলচ্চিত্ৰ অভিনেতা ভোলা কটকীৰ ৮৬ সংখ্যক ওপজা দিনৰ শুভক্ষণত তেওঁলৈ আগবঢ়োৱা হয় জীৱনজোৰা সাধন বঁটা ৷
ভোলা কটকীলৈ জীৱনজোৰা সাধন বঁটা
ওপজা দিন উদযাপনৰ অনুষ্ঠানটিত উপস্থিত থাকে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ভতিজা প্ৰাণজিৎ আগৰৱালা আৰু তেখেতৰ সহধৰ্মিনী ৰাজশ্ৰী আগৰৱালা, নটসূৰ্য্য ফণী শৰ্মাৰ পুত্ৰ সুৰজিৎ শৰ্মা আৰু শোণিতকোঁৱৰ গজেন বৰুৱাৰ পুত্ৰ শংকৰ প্ৰতিম বৰুৱা ৷ ভোলা কটকীৰ ওপজা দিনৰ এনে এক শুভক্ষণত উপস্থিত থাকিবলৈ পাই যথেষ্ট আনন্দিত হৈ পৰে ফণী শৰ্মা, জ্যোতিপ্ৰসাদ আগৰাৱালা, বিষ্ণু প্ৰসাদ ৰাভাৰ পৰিয়ালবৰ্গ ৷