টাৱাঙৰ ৰাজপথত মনোমোহা কাৰ্ণিভেল - tawang festival news
দেশ-বিদেশৰ পৰ্যটকৰ সমাহাৰ ঘটিছে সপ্তম টাৱাং মহোৎসৱত

তেজপুৰ,29 অক্টোবৰঃসোমবাৰৰ পৰা আৰম্ভ হোৱা সপ্তম টাৱাং মহোৎসৱৰ আজি দ্বিতীয় দিন ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত কেনথ জাষ্টাৰে এই মহোৎসৱটিৰ উদ্ধোধন কৰে ৷ লগতে তেওঁ মঙলবাৰে মুখ্য অতিথি হিচাপে উপস্থিত থাকে মনপা ধৰ্ম যাজকসকলৰ বিখ্যাত ৰোড শ্ব'ত ৷ ইতিমধ্যে আৰম্ভ হৈছে ষ্ট্ৰিট কাৰ্ণিভেল ৷ দেশ বিদেশৰ বিভিন্ন পৰ্যটকৰ সমাহাৰ ঘটিছে টাৱাঙৰ ৰাজপথত ৷ মহোৎসৱত অংশগ্ৰহণ কৰি , অৰুণাচল প্ৰদেশৰ মনোৰম দৃশ্য উপভোগ কৰি অভিভূত হৈ পৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত গৰাকী ৷ সম্পূৰ্ণ নিৰাপত্তা বেষ্টনীৰ মাজত দৰ্শকৰ মাজেৰে এনেদৰে আগুৱাই গৈছে " ষ্ট্ৰিট কাৰ্ণিভেল " ৷