নিউজ ডেস্ক,13 নৱেম্বৰঃশৰতৰ ৰাস পূৰ্ণিমাৰ দিনা বৃন্দাবনত ভগৱান শ্ৰী কৃষ্ণই বজোৱা মধুৰ বাঁহীৰ সুৰে আকৰ্ষিত কৰিছিল গোপীসকলক ৷ শ্ৰীকৃষ্ণৰ সুমধুৰ বংশীধ্বনিত মুগ্ধ হৈ গোপীসকলে সংসাৰৰ সকলো মোহ ত্যাগ কৰি বৃন্দাবনলৈ ঢাপলি মেলিছিল আৰু শ্ৰীকৃষ্ণৰ চৰণত নিজকে সমৰ্পন কৰিছিল। এই দৃশ্যই দেখা গ'ল নগাঁৱৰ কুঁজীডাহৰ যোৰীয়া নামঘৰৰ ৰাসত। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা অংকীয়া নাট কেলিগোপালৰ প্ৰাচীন পৰম্পৰা অক্ষুন্ন ৰাখি কুঁজীডাহ যুৰীয়া নামঘৰ প্ৰাংগণত অনুষ্ঠিত ৰাসত ভাগ ল'লে কেইবাগৰাকী বৃদ্ধই । ৯৩ বছৰ গৰকা এই কুঁজীডাহৰ ৰাসত প্ৰত্যেক বছৰৰ দৰে এই বছৰো গোপীৰ ৰূপত দেখা গ'ল পুৰুষসকলক। কেৱল বৃদ্ধ অথবা যুৱকেই নহয়। ৰাসত ভাও ল'লে কেইবাটাও শিশুয়ে ৷
ইফালে কৰিমগঞ্জৰ পাথাৰকান্দি সমষ্টিৰ মণিপুৰী গাঁও সমূহতো পৰিলক্ষিত হ'ল ৰাসৰ আনন্দ ৷ হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত প্ৰদৰ্শিত হয় ৰাখাল ৰাস, মৃদংগ বাদন আৰু শ্ৰীকৃষ্ণৰ ৰাসলীলা। সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাৰ কামপুৰতো শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস উৎসৱ উদযাপন কৰা হৈছে। ৮৩ বছৰত ভৰি দিয়া কামপুৰ কেন্দ্ৰীয় ৰাস উৎসৱে এইবাৰ উদযাপন কৰিছে মহাৰজত জয়ন্তী। গুৰুজনাৰ জন্মভূমি বটদ্ৰৱাত ডেৰ কুৰিৰো অধিক ঠাইত অনুষ্ঠিত হৈছে শ্ৰী কৃষ্ণৰ ৰাসলীলা। শৰতৰ ৰাতি খোল তালৰ চেৱে চেৱে কঁকাল ভাঙি নাচিলে মহিলা, জীয়ৰী,বোৱাৰীয়ে। ষোড়শ গোপীৰ সৈতে কৰা ৰাসক্ৰীড়াই যেন দ্বিতীয় মথুৰা বৃন্দাবনলৈ পৰিণত কৰি তুলিলে বটদ্ৰৱা ৰাসথলী। সমান্তৰালভাৱে ৪৮তম হোজাই জিলাৰ লংকাৰ বামুনগাঁৱৰ ৰাসলীলাই আপ্লুত কৰিলে সহস্ৰাধিক লোকক ৷