চিটাৰা ডেস্ক,1 এপ্ৰিলঃ ৰামানন্দ সাগৰৰ জনপ্ৰিয় টেলিভিছন শ্ব' ৰামায়ণদ্বিতীয়বাৰৰ বাবে দৰ্শকৰ বাবে সম্প্ৰচাৰ হ'ল লক্ ডাউনৰ সময়ত ৷ ৰাইজৰ আহ্বানমৰ্মে পুনৰ বাৰ দেশত সম্প্ৰচাৰ হ'ল জনপ্ৰিয় টি.ভি শ্ব' ৰামায়ণ ৷
ভাল খবৰটো এয়ে যে, 16 এপ্ৰিলৰ দিনা এই শ্ব'টোৱে ৱৰ্ল্ড ৰেকৰ্ড গঢ়িলে বিশ্বৰ আটাইতকৈ বেছিকৈ চোৱা শ্ব' হিচাপে ৷ বৃহস্পতিবাৰে ডি.ডি ইণ্ডিয়াই এই কথা প্ৰচাৰ কৰে টুইটাৰ যোগে ৷ উল্লেখ্য যে, বৃহস্পতিবাৰৰ দিনা 7 কোটি 7 লাখ দৰ্শকে উপভোগ কৰে এই জনপ্ৰিয় ধাৰাবাহিকখন ৷ ফলত বিশ্বৰ পূৰ্বৰ সকলো ৰেকৰ্ড ভাঙি ৰামায়ণে গঢ়িলে আটাইতকৈ বেছিকৈ চোৱা শ্ব'ৰ ৱৰ্ল্ড ৰেকৰ্ড ৷