অসম

assam

ETV Bharat / sitara

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা ৰাজ্যৰ শিল্পী সমাজৰ - Assam

নাগৰিকত্ব সংশোধনী আইন এতিয়া ৰাইজৰ বাবে এক অভিশাপ,প্ৰতিবাদ অব্যাহত ৰাজ্যত,বাদ পৰা নাই কলা-কুশলী,দল-সংগঠন,বুদ্ধিজীৱী,ছাত্ৰ-ছাত্ৰী,গুৱাহাটীত শিল্পীসকল একত্ৰিত হৈ সাব্যস্ত কৰে প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী আইন এতিয়া ৰাইজৰ বাবে এক অভিশাপ
নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা ৰাজ্যৰ শিল্পী সমাজৰ

By

Published : Dec 14, 2019, 8:35 PM IST

Updated : Dec 14, 2019, 9:01 PM IST

গুৱাহাটী,14 ডিচেম্বৰঃনাগৰিকত্ব সংশোধনী আইনে দুৰত্ব বঢ়াইছে ৰাইজ আৰু চৰকাৰৰ ৷ প্ৰতিবাদ কৰিছে এজনৰ পিছত আন এজন সাধাৰণ জনতাই ৷ বাদ পৰা নাই কলা-কুশলী,দল-সংগঠন,বুদ্ধিজীৱী,ছাত্ৰ-ছাত্ৰী ৷ সকলোৱে একেমুখে বিৰোধিতা কৰিছে এই আইনৰ। এই আইনৰ বিপক্ষে মতামত আগবঢ়ায় অসমীয়া ছবিজগতৰ বহু কেইজন কলা-কুশলীয়ে ৷ এই সন্দৰ্ভত আমাৰ সাংবাদিকে প্ৰস্তুত কৰা এক বিশেষ প্ৰতিবেদন-

নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত সুনীতা কৌশিকে কয় যে,আমাৰ ভাষা-সংস্কৃতি আৰু জীৱনশৈলীৰ ওপৰত এই আইনে প্ৰভাৱ বিস্তাৰ কৰিব ৷ লগতে চৰকাৰক ৰাইজৰ অনুভূতিক বুজি ৰাইজৰ সৈতে থিয় হবলৈ অনুৰোধ কৰে ৷

অসমীয়াৰ লগত এয়া অন্যায়-সুনীতা কৌশিক

ইফালে কে কে অৰ্থাৎ সিদ্ধাৰ্থ শৰ্মাই এই আইন যেতিয়ালৈ বাতিল নহয় সংগ্ৰাম চলি যাব বুলি স্পষ্ট ভাষাত জানিবলৈ দিয়ে ৷ লগতে অসমীয়া মানুহে ইয়াৰ বিৰুদ্ধে একেলগে থিয় হোৱাই সন্তুষ্টি প্ৰকাশ কৰে অভিনেতাজনে ৷

চৰকাৰৰ ওচৰত হাৰ নামানো-সিদ্ধাৰ্থ শৰ্মা

মোহন খ্যাত দ্বীপজ্যোতি কেওঁটে, ‘চৰকাৰে জনসাধাৰণৰ আবেগক বুজা দৰকাৰ ৷ কাৰণ বেয়া পৰিস্থিতি দীঘলীয়া কৰি থকাৰ কাৰোৰে মন নাই’ বুলি আইনখন সম্পৰ্কে মত ব্যক্ত কৰে ৷

মোহনে ক’লে-আমাৰ দেহত লাচিতৰ তেজ আছে

এনেদৰে প্ৰতিগৰাকী শিল্পীয়ে নাগৰিকত্ব সংশোধনী আইনক লৈ মন্তব্য আগবঢ়ায় ৷

সকলোৱে একেমুখে বিৰোধিতা কৰিছে এই আইনৰ

লগতে চাওকঃডিঙিত গামোচা ল'লেই অসমৰ প্ৰতি প্ৰেম নুবুজাইঃ কিশোৰ ভট্টাচাৰ্য

Last Updated : Dec 14, 2019, 9:01 PM IST

ABOUT THE AUTHOR

...view details