গুৱাহাটী,7 ফেব্ৰুৱাৰীঃহিৰামণি প্ৰডাকচনৰ বেনাৰত গুনজিৎ মহন্তৰ প্ৰযোজনাৰে নিৰ্মাণ হ'ব লগা অসমীয়া ছবি ৰাজকুমাৰীৰ বাবে অভিনয়ৰ প্ৰতি আগ্ৰহী প্ৰতি গৰাকী শিল্পীক আমন্ত্ৰণ । অসমীয়া ছবিত অভিনয়ৰ বাবে সুবিধা প্ৰদান কৰিব বিচাৰিছে প্ৰস্তুতি পৰাশৰে । ছবিত অভিনয় কৰিবলৈ নালাগে কোনো অভিনয়ৰ প্ৰমাণ-পত্ৰ অথবা কোনো পৰিচালকৰ সৈতে ভাল পৰিচয় । অভিনয়ৰ দক্ষতা থাকিলেই অসমীয়া ছবিত অভিনয় কৰিব পাৰিব যিকোনো ব্যক্তিয়ে ৷ আগন্তুক ছবি 'ৰাজকুমাৰী"ৰ বাবে উপযুক্ত কলা-কুশলী বিচাৰি অসমৰ বিভিন্ন স্থানত সিঁচৰতি হৈ থকা শিল্পী সকলক সুবিধা প্ৰদান কৰাৰ উদ্দেশ্য অহা 9 ফেব্ৰুৱাৰীত অডিচন অনুষ্ঠিত হ'ব মহানগৰীৰ ৰাজগড়স্থিত 'মা' ষ্টুডিঅ'ত । কেইটামান সংলাপৰ আৰু কেমেৰা সন্মুখিন কৰিব পৰা দক্ষতা থাকিলেই এই ছবিত অভিনয়ৰ সুযোগ দিয়াৰ কথা ক'লে প্ৰস্তুতি পৰাশৰে ।
আগ্ৰহী অভিনেতা-অভিনেত্ৰীক নতুন ছবিত কামৰ সুযোগ দিব প্ৰস্তুতি পৰাশৰে ?
অভিনয়ৰ প্ৰতি আপুনি আগ্ৰহী নেকি ? যদি আগ্ৰহী আপোনাৰ বাবে জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে কঢ়িয়াই আনিছে অভিনয়ৰ বিশেষ সুবিধা ৷ অভিনয়ৰ কোনো প্ৰমাণ পত্ৰ নহ'লেও প্ৰতিভাসম্পন্ন জনে পাব নতুন ছবি 'ৰাজকুমাৰী'ত কাম কৰাৰ সুবিধা ৷ অধিক জানিবলৈ পঢ়ক.....
জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ
লক্ষণীয় কথা যে, অসমীয়া ছবিৰ বাবে এনেদৰে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ শিল্পী বিচৰাৰ নজিৰ এয়াই প্ৰথম । চলিত বৰ্ষত মুকলি হব লগা ছবিখনৰ শ্বুটিংৰ কাম অতি সোনকালেই আৰম্ভ হ'ব গতিকে এই ছবিৰ বাবে ইচ্ছুক কলা -কুশলীয়ে প্ৰস্তুতি পৰাশৰে কোৱাৰ দৰে কৰিলে ৰাজকুমাৰী ছবিত অভিনয় কৰাৰ সুযোগ লাভ কৰিব ।
লগতে পঢ়কঃমোৰ প্ৰথমটো গানৰ শ্বুটিঙৰ জৰিয়তে মই ডাঙৰ অভিজ্ঞতা অনুভৱ কৰিছোঁঃ মানুষী চিল্লাৰ