চিটাৰা ডেস্ক,9 অক্টোবৰঃপাপনৰ দুবছৰ জোৰা সাধনাৰ অন্তত শ্রোতাৰ বাবে অৱশেষত মুকলি কৰি দিয়া হ'ব বৰগীত ঘোষা ৷ বুধবাৰে চ'ছিয়েল মিডিয়াযোগে এই কথা ঘোষণা কৰে পাপনে ৷ ৰাগ আৰু তালৰ সংমিশ্ৰণ ঘটাই আধ্যাত্মিকতাৰ সোঁত বোৱাৰ অৰ্থে ভক্তিমূলক এই গীতৰ সংকলন অতি শীঘ্ৰেই মুকলি কৰাৰ কথা ঘোষণা কৰে শিল্পীগৰাকীয়ে ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 500 বছৰ পুৰণি এই বৰগীত ঘোষাক প্ৰাৰ্থনা গীতৰ ৰূপত জনসাধাৰণৰ মাজলৈ আনিবলৈ দুবছৰ সময়ৰ প্ৰয়োজন হ'ল বুলি জনায় কন্ঠশিল্পীগৰাকীয়ে ৷
শীঘ্ৰেই মুক্তি পাব পাপনৰ বৰগীত ঘোষা - বৰগীত ঘোষাক প্ৰাৰ্থনা গীতৰ ৰূপত
বুধবাৰে চ'ছিয়েল মিডিয়াযোগে এই কথা ঘোষণা কৰে পাপনে ৷
![শীঘ্ৰেই মুক্তি পাব পাপনৰ বৰগীত ঘোষা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4699837-thumbnail-3x2-o.jpg)
পাপনৰ বৰগীত ঘোষা
শুদ্ধ ৰূপত পৰম্পৰাগত পদ্ধতিত প্ৰকৃত মান বজাই ৰাখি এই গীতৰ সংকলন প্ৰস্তুত কৰা হৈছে বুলি এক ভিডিঅ' যোগে জনায় কন্ঠশিল্পীগৰাকীয়ে ৷
Last Updated : Oct 10, 2019, 6:21 PM IST