বাক্সা,11 আগষ্টঃ সমগ্ৰ বিশ্বত কৰ'ণা মহামাৰীৰ কৰাল গ্ৰাসত পৰাত বৰ্তমানেও বহু লোক ঘৰতে আবদ্ধ হৈ থাকিবলগীয়া হোৱাৰ উপৰিও খাদ্য সংকটত পৰা পৰিলক্ষিত হৈছে । এই মহামাৰীৰ মাজতে কেন্দ্ৰীয় চৰকাৰৰ এটা সিদ্ধান্ত 'আত্মীয় নিৰ্ভৰশীল' ভাৰত । তেনে সময়তে বহু লোকে নিজৰ প্ৰতিভাৰ সদব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে। সমান্তৰালকৈ এইখিনি সময়তে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ মনোজ হাছদা নামৰ এজন যুৱকে লিখি উলিয়াইছে "চিবিল জোজো" নামৰ এটি চানতালী গীত ৷ কেৱল গীতটো লিখাই নহয় তেওঁ গীতটোত সুৰ দিয়াৰ লগতে গীতটোত নিজেই কন্ঠদান কৰিছে ৷ বৰ্তমান শিল্পী গৰাকী ব্যস্ত হৈ আছে গীতটোৰ ভিডিঅ' শ্বুটিঙত ৷ইতিমধ্যে মহকুমাটোৰ নাগ্ৰীজুলিৰ চাহ বাগিচাৰ বিভিন্ন ঠাইত গীতটোৰ বাবে দৃশ্যগ্ৰহণ কৰিছে ৷
নাগ্ৰীজুলিৰ চাহ বাগিচাত আদিবাসী চানতালী গীতৰ শ্বুটিং - new santali album
কৰ'ণাৰ ত্ৰাসৰ বাবে দেশত চলিল লক্ ডাউন ৷ একাংশই সৎ ব্যৱহাৰ কৰিছে এই লক ডাউনৰ সময়খিনিৰ ৷ বাক্সা জিলাৰ তামুলপুৰৰ মনোজ হাছদা নামৰ যুৱকজনো ইয়াৰ ব্যতিক্ৰম নহয় ৷ লক ডাউনৰ সময়খিনিত তেওঁ নিজেই চানতালী গীত লিখি,গীতত সুৰ দিয়াৰ লগতে কন্ঠদান কৰি বৰ্তমান গীতটিৰ ভিডিঅ' নিৰ্মাণ কৰাত ব্যস্ত হৈ আছে ৷

নাগ্ৰীজুলিৰ চাহ বাগিচাত আদিবাসী চানতালী গীতৰ শ্বুটিং
নাগ্ৰীজুলিৰ চাহ বাগিচাত আদিবাসী চানতালী গীতৰ শ্বুটিং
মনোজ হাছদাই জানিবলৈ দিয়া অনুসৰি "চিবিল জোজো" মানে চানতালী ভাষাত তেতেলী টেঙা আৰু ছোৱালী বিলাকে তেতেলী টেঙা ভাল পোৱাৰ ওপৰত গীতটি ৰচনা কৰা হৈছে । হিৰহিৰি পিৰপিৰি প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ কৰা "চিবিল জোজো" নামৰ ভিডিঅ' এলবামটি শীঘ্ৰেই ইউটিউবত মুক্তি দিয়া হ'ব বুলি জানিবলৈ দিয়ে শিল্পী গৰাকীয়ে ৷
লগতে পঢ়কঃ আহি আছে নাৱাজুদ্দিন ছিদ্দিকিৰ নতুন চিনেমা