অসম

assam

ETV Bharat / sitara

আজিৰে পৰা ছবিগৃহত অসমীয়া ছবি প্ৰতিঘাত - amrita gogoi protest against CAB

মুক্তি পালে নাৰী সৱলীকৰণক মূল বিষয় হিচাপে লৈ নিৰ্মিত নতুন অসমীয়া ছবি 'প্ৰতিঘাত' ৷ ইফালে ছবি মুক্তিৰ দিনা প্ৰতিঘাতৰ কলা-কুশলী ব্য়স্ত জাতিৰ স্বাৰ্থত ৷ প্ৰতিঘাত পৰিয়াল প্ৰতিবাদত বহে কটন বিশ্ববিদ্যালয়ে আয়োজন কৰা ৰণহুংকাৰ অনুষ্ঠানত ৷

new assamese movie Pratighat released
অসমীয়া ছবি প্ৰতিঘাত

By

Published : Dec 6, 2019, 7:34 PM IST

চিটাৰা ডেস্ক,6 ডিচেম্বৰঃ মুক্তি পালে অমৃতা গগৈ অভিনীত ছবি 'প্ৰতিঘাত' ৷ ৰাজ্যজুৰি মুক্তি পাইছে ইছু প্ৰডাকচনৰ বেনাৰত নিৰ্মিত অচিন্ত শংকৰৰ দ্বাৰা পৰিচালিত ছবি 'প্ৰতিঘাত' ৷ অমৃতা গগৈ , বিষ্ণু খাৰঘৰীয়াৰ লগতে বহু ন-পুৰণি শিল্পীৰ সমাহাৰ ঘটা ছবিখনৰ ট্ৰেইলাৰ, প'ষ্টাৰ তথা সংগীতে ইতিমধ্যে বহুজনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷ ইতিমধ্যে প্ৰতিঘাতৰ প্ৰিমিয়াৰ শ্ব'ত উপস্থিত থাকে , জুবিন গাৰ্গৰ লগতে অসমৰ বিভিন্ন কলা-কুশলী ৷ ছবিখনৰ বিষয়-বস্তুক আদৰাৰ লগতে অমৃতাৰ একচনক শলাগিছে সকলোৱে ৷নাৰী সৱলীকৰণক মূল বিষয় হিচাপে লৈ নিৰ্মিত হোৱা ছবিখনে অনাগত দিনত কেনেদৰে দৰ্শকৰ সমাদৰ লাভ কৰিব সেয়া লক্ষণীয় হব ৷

অসমীয়া ছবি প্ৰতিঘাত
প্ৰতিঘাতৰ সময় সূচী

ইফালে লক্ষণীয়ভাৱে ছবি মুক্তিৰ দিনটোতেই, প্ৰতিঘাত পৰিয়ালে তীব্ৰ বিৰোধিতা কৰিছে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ ৷ প্ৰতিঘাত পৰিয়ালৰ মতে, "অসমীয়া ভাষা থাকিলেহে অসমীয়া চলচিত্ৰ জীয়াই থাকিব, সেই কথা 'প্ৰতিঘাত' সদস্যই অন্ত:কৰণেৰে বিশ্বাস কৰে" ৷

ABOUT THE AUTHOR

...view details