চিটাৰা ডেস্ক,21 নৱেম্বৰ: টেলিভিছন আৰু ছবি জগতত নাৰ্কোটিকছ ব্যুৰ’ৰ তদন্ত অব্যাহত থকাৰ বেলিকা শনিবাৰে কৌতুক অভিনেতা ভাৰতী সিং আৰু স্বামী হৰ্ষ লিম্বাচিয়াৰ মুম্বাইস্থিত বাসগৃহত তালাচী অভিযান চলায় এনচিবিয়ে ৷ এনচিবিৰ সূত্ৰই এই কথা জানিবলৈ দিছে ৷
ভাৰতী সিং-হৰ্ষ লিম্বাচিয়াৰ বাসগৃহত এনচিবিৰ তালাচী
শনিবাৰে কমেডীয়ান ভাৰতী সিং আৰু স্বামী হৰ্ষ লিম্বাচিয়াৰ মুম্বাইস্থিত বাসগৃহত তালাচী অভিযান এনচিবিৰ ৷ আন্ধেৰী, লোখণ্ডৱালা কমপ্লেক্স আৰু ৱাৰ্চোৱা এলেকাত ড্ৰাগছ ব্যৱহাৰৰ সন্দেহত তালাচী অভিযান চলায় এনচিবিয়ে ৷
কমেডীয়ান ভাৰতী সিঙৰ বাসগৃহত এনচিবিৰ তালাচী অভিযান
এনচিবিয়ে আন্ধেৰী, লোখণ্ডৱালা কমপ্লেক্স আৰু ৱাৰ্চোৱা এলেকাত ড্ৰাগছ ব্যৱহাৰৰ সন্দেহত তালাচী অভিযান আৰম্ভ কৰে ৷ অৱশ্যে এই অভিযানৰ ফলাফল বৰ্তমানো ৰহস্যৰ আৱৰ্তত আছে ৷ উল্লেখ্য যে, অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্য়াৰ পাছতেই ড্ৰাগছ ব্য়ৱহাৰৰ সন্দেহত এনচিবিয়ে বলীউড তাৰকাসকলৰ লগতে টেলিভিছনৰ অভিনেতা-অভিনেত্ৰী তথা কলা-কুশলীসকলকো সোধ-পোছ অব্য়াহত ৰাখিছে ৷
লগতে পঢ়ক :আমেৰিকাত মুক্তি দিয়াৰ পূৰ্বে চীনত প্ৰদৰ্শিত হ'ব 'ৱ'ন্দাৰ উইমেন ১৯৮৪'
Last Updated : Nov 21, 2020, 3:02 PM IST