চিটাৰা ডেস্ক,17 ডিচেম্বৰ : নেটফ্লিক্সত মুক্তিলাভ কৰিবলগীয়া 'Anatomy of a Scandal'ৰ ষষ্ঠ খণ্ডত দেখিবলৈ পোৱা যাব হলিউডৰ জনপ্ৰিয় ছবি 'Charlie's Angels' আৰু 'Aladdin'ৰ নায়িকা নাওমী স্ক’টক ৷
চাৰা ভ’গানৰ উপন্যাস 'Anatomy of a Scandal'ৰ কাহিনীৰ আধাৰত নিৰ্মাণ হ’বলগীয়া এই ছবিখনৰ কাহিনীৰ আঁৰত আছে ডেভিদ ই কেলী আৰু মেলিছা জেমছ গিবছন ৷
হলিউডৰ সূত্ৰই জনোৱা মতে, লণ্ডনত শ্বুটিং কৰা এই ছবিখন ব্ৰিটিছৰ আধিপত্যৰ কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হ’ব ৷ অভিনেত্ৰী নাওমী স্ক’টে অ’লিভিয়া লিট্টনৰ চৰিত্ৰ ৰূপায়ন কৰিব, যি এগৰাকী সংসদীয় গৱেষক আৰু তেওঁক এক শক্তিশালী বিৰোধীৰ মুখামুখি হ’ব ৷
ছবিখনৰ বাবে পূৰ্বতে ঘোষণা কৰা অন্য অভিনেতা-অভিনেত্ৰীসকলৰ ভিতৰত আছে নাওমী স্ক’টসহ চিয়েনা মিলাৰ, মাইকেল ড’কাৰী আৰু ৰুপাৰ্ট ফ্ৰেইণ্ড ৷
লগতে পঢ়ক :মুম্বাই ক্ৰাইম ব্ৰাঞ্চৰ জালত অভিনেতা চলমান জেফ্ৰী