চিটাৰা ডেস্ক,30 জুলাইঃ মাৰাঠী ছবি জগতৰ জনপ্ৰিয় অভিনেতা আশুতোষ ভাকেৰৰ আত্মহত্যা ৷ 32 বছৰ বয়সত চিপ লৈ আত্মহত্যা অভিনেতাগৰাকীৰ ৷ মহাৰাষ্ট্ৰৰ নান্দেৰস্থিত নিজা ঘৰত ফাঁচী লগাই আত্মহত্যা কৰে অভিনেতা গৰাকীয়ে ৷ অৱশ্যে বৰ্তমানলৈকে অভিনেতাগৰাকীৰ আত্মহত্যাৰ কাৰণ জানিব পৰা হোৱা নাই ৷ এই ঘটনাৰ পিছতে ভাগি পৰিছে আশুতোষৰ পৰিয়ালবৰ্গ ৷
বৰ্তমানলৈকে অহা খবৰ অনুসৰি বিগত কিছুদিনৰ পৰা হতাশাত ভাগি পৰিছিল অভিনেতা গৰাকী ৷ কিছুদিন পূৰ্বে ফেচবুকত তেওঁ এটা ভিডিঅ' শ্বেয়াৰ কৰিছিল ,য'ত তেওঁ কৈছিল মানুহে আত্মহত্যা কিয় কৰে ৷