অসম

assam

By

Published : Jul 14, 2021, 4:10 PM IST

ETV Bharat / sitara

হৃদয় বিদাৰক প’ষ্টেৰে প্ৰয়াত স্বামীক স্মৰণ মন্দিৰা বেদীৰ

অভিনেত্ৰী মন্দিৰা বেদী (Mandira Bedi)য়ে এক হৃদয় বিদাৰক প’ষ্টেৰে স্মৰণ কৰিছে প্ৰয়াত স্বামী ৰাজ কৌশলক (Raj Kaushal), যিয়ে 30 জুনত হৃদৰোগত আক্ৰান্ত হৈ ইহ সংসাৰৰ পৰা বিদায় মাগে ৷ 1999 চনত কৌশলৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল মন্দিৰা আৰু 2011 চনৰ 17 জুনত দম্পতীটোৰ মাজলৈ আহিছিল পুত্ৰ সন্তান বীৰ (Vir) ৷ লগতে বিগত বৰ্ষৰ জুনত কন্যা সন্তান তাৰা (Tara)ক জন্ম দিছিল মন্দিৰাই ৷

Mandira Bedi remembers Raj Kaushal
স্বামীক স্মৰণ মন্দিৰা বেদীৰ

চিটাৰা ডেস্ক, 14 জুলাই : মঙলবাৰে ছ’চিয়েল মিডিয়াযোগে প্ৰয়াত স্বামী তথা ছবি নিৰ্মাতা ৰাজ কৌশল (Raj Kaushal)ক স্মৰণ কৰি এক হৃদয় বিদাৰক প’ষ্ট শ্বেয়াৰ কৰে অভিনেত্ৰী মন্দিৰা বেদী (Mandira Bedi)য়ে ৷ বিগত 30 জুনত মন্দিৰা আৰু দুটি সন্তানক এৰি ইহ সংসাৰৰ পৰা বিদায় মাগে ৰাজে ৷ কেইদিনমান ধৰি ছ’চিয়েল মিডিয়া ব্যৱহাৰৰ পৰা বিৰত থকা মন্দিৰাই অৱশেষত প্ৰয়াত স্বামীক লৈ নিজৰ মনৰ ভাৱ ব্যক্ত কৰে ৷

ফটো শ্বেয়াৰ কৰি মন্দিৰাই স্বামী ৰাজক মনত পেলোৱাৰ কথা ব্যক্ত কৰে (''Miss you Raji.. ") ৷ হৃদৰোগত আক্ৰান্ত হৈ আকস্মিকভাৱে মৃত্যু হয় ছবি নিৰ্মাতা ৰাজ কৌশলৰ ৷ ‘Pyaar Mein Kabhi Kabhi’ আৰু ‘Shaadi Ka Laddoo’ আদিৰ ছবি নিৰ্মাণ কৰাৰ লগতে মুঠ 800 টা টেলিভিশ্বন বিজ্ঞাপন পৰিচালনা কৰিছিল ৰাজে ৷

1999 চনত ৰাজ কৌশলৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল মন্দিৰা বেদীয়ে ৷

2011 চনৰ 17 জুনত দম্পতীটোৰ মাজলৈ আহিছিল পুত্ৰ সন্তান বীৰ (Vir) ৷ লগতে বিগত বৰ্ষৰ জুনত কন্যা সন্তান তাৰা (Tara)ক তুলি লৈছিল মন্দিৰা আৰু ৰাজে ৷

লগতে পঢ়ক :‘Pavitra Rishta 2’ৰ দৃশ্যগ্ৰহণ আৰম্ভ অংকিতাৰ; সুশান্তক স্মৰণ অনুৰাগীৰ

ABOUT THE AUTHOR

...view details