অসম

assam

ETV Bharat / sitara

মাজুলীত আৰম্ভ 'মনগীত' ফেষ্টিভেল - music festival at Assam

মাজুলীৰ গড়মূৰৰ লুইতপাৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে 'মনগীত' ফেষ্টিভেল ৷

majuli mongeet festival
মাজুলীত আৰম্ভ 'মনগীত' ফেষ্টিভেল

By

Published : Jan 13, 2020, 9:24 PM IST

মাজুলী,13 জানুৱাৰীঃ আজিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে মাজুলীত আৰম্ভ হৈছে 'মনগীত' ফেষ্টিভেল ৷ সংগীত জগতৰ বহুকেইজন অগ্ৰণী ব্যক্তি একগোট হৈ নৱপ্ৰজন্মৰ প্ৰতিভাসম্পন্ন সংগীতকাৰক উদগনি দিয়াৰ উদ্দেশ্যে আয়োজন কৰিছে এই বিশেষ ফেষ্টিভেল ৷ 'মনগীত' ফেষ্টিভেলৰ বাবে মাজুলীত উপস্থিত হৈছেহি দেশৰ অগ্ৰণী সংগীত তাৰকাসকল ৷ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতা আদিল হুছেইন, সাংস্কৃতিক কৰ্মী কৌশিক নাথৰ প্ৰয়াসত আয়োজিত মনগীত ফেষ্টিভেলৰ লগত জড়িত হৈছে জুবিন গাৰ্গ, অংগৰাগ পাপন, জয় বৰুৱা, ধ্ৰুৱজ্যোতি ফুকন, কল্যান বৰুৱা, ভূপেন উজিৰ, পুলক বেনাৰ্জী, তৰালী শৰ্মা ।

মাজুলীত আৰম্ভ 'মনগীত' ফেষ্টিভেল

লগতে এই মন গীত প্ৰকল্পত জড়িত হৈছে সংগীতজ্ঞ অনুৰাগ শইকীয়া, নিলোৎপল বৰা, শংকুৰাজ কোঁৱৰ, দিগন্ত ভাৰতী, মানস ৰবীন, ৰূপম ভূঞা, চন্দন চক্ৰৱৰ্তী, গীতিকাৰ ইবছনলাল বৰুৱা, মানস মহন্ত, শশাংক সমীৰ, চলচ্চিত্ৰ নিৰ্মাতা উৎপল বৰপূজাৰী, অভিনেতা মিণ্টু বৰুৱা ।

এই অনুষ্ঠানত অংশ লৈছে পাঁচজন নিমন্ত্ৰিত সংগীতজ্ঞকে ধৰি 27 জন উদীয়মান সংগীতজ্ঞই । 140জন নৱ প্ৰজন্মৰ সংগীতজ্ঞৰ 140 টা গীত ইয়াত মুকলি কৰা হ'ব । মাজুলীৰ ঐতিহাসিক সত্ৰানুষ্ঠান সমূহৰ সত্ৰাধিকাৰ সকলৰ উপস্থিতিত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ হয় এই 'মনগীত' উৎসৱৰ ৷

ABOUT THE AUTHOR

...view details