অসম

assam

By

Published : Sep 27, 2021, 1:17 PM IST

ETV Bharat / sitara

Khatron Ke Khiladi 11 : অৰ্জুন বিজলানীৰ শিৰত বিজয় মুকুট

সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেতা অৰ্জুন বিজলানী হ’ল Khatron Ke Khiladi 11 ৰ চূড়ান্ত বিজয়ী ৷ দেওবাৰে শ্ব’টোৰ ঘোষক ৰোহিত চেট্টীয়ে বিজয়ীৰ নাম ঘোষণা কৰাৰ পিছতে অৰ্জুনে ট্ৰফীটো পুত্ৰ আয়ানৰ নামত উচৰ্গা কৰে ৷

Khatron Ke Khiladi 11: Arjun Bijlani wins the show, dedicates trophy to son
Khatron Ke Khiladi 11: অৰ্জুন বিজলানীৰ শিৰত বিজয় মুকুট

চিটাৰা ডেস্ক, 27 ছেপ্তেম্বৰ : Khatron Ke Khiladi 11 ৰ বিজয় মুকুট পৰিধান কৰিলে জনপ্ৰিয় টিভি অভিনেতা অৰ্জুন বিজলানীয়ে ৷ দেওবাৰে ঘোষণা হয় ৰিয়েলিটি শ্ব’টোৰ চূড়ান্ত বিজয়ীৰ নাম ৷ অৰ্জুনে এই শ্ব’টো তেওঁৰ পাঁচ বছৰীয়া পুত্ৰ আয়ানৰ বাবে জিকিব বিচাৰিছিল ৷

সৰু পৰ্দাৰ জনপ্ৰিয় এক্সন ৰিয়েলিটি শ্ব’ Khatron Ke Khiladi ৰ এইবাৰৰ সংস্কৰণটো দক্ষিণ আফ্ৰিকাৰ কেপটাউনত শ্বুট কৰা হৈছিল ৷ অভিনেতাগৰাকীয়ে এই সন্দৰ্ভত কয় যে, "শ্ব’টোত বিজয়ী হৈ মই যথেষ্ট আনন্দিত অনুভৱ কৰিছো ৷ কেপটাউনৰ এই যাত্ৰা দীঘলীয়া আছিল ৷ যেতিয়া ৰোহিত চাৰে মোৰ নাম ঘোষণা কৰিছিল, মই যথেষ্ট আনন্দিত হৈ পৰিছিলো ৷ মই আয়ানৰ বাবে এই শ্ব’টো জিকিব বিচাৰিছিলো ৷ আয়ানে মোক ট্ৰফীটোৰ সৈতে চাবলৈ বিচৰা বুলি কৈছিল ৷ যিকোনো শিশুৰ বাবে ই নিশ্চিতভাৱে ডাঙৰ কথা" ৷

তেওঁ লগতে কয় যে, ‘মই এই শ্ব’টোৰ বাবে আগতেও অফাৰ পাইছিলো ৷ কিন্তু মোৰ তাৰিখ নিমিলাৰ বাবে অংশগ্ৰহণ কৰিব পৰা নাছিলো ৷ মই বেছি আগ্ৰহী নাছিলো ৷ কিন্তু মোক মোৰ লগৰবোৰে কৈছিল এয়া জীৱনত এবাৰেই লাভ কৰিব পৰা অভিজ্ঞতা আৰু মই এই শ্ব’টোত অংশগ্ৰহণ কৰিব লাগে ৷ আৰু এবাৰ মোক এই শ্ব’টো অফাৰ কৰাৰ লগে লগেই মই সন্মত হৈছিলো ৷ মই ভাবিছিলো এদিন হ’লেও মই জীৱনত সময় ল’ব আৰু এনেধৰণৰ ষ্টাণ্টসমূহ কৰিম’ ৷

"মই জানো এই শ্ব’টোৱে মোক এগৰাকী অভিনেতা হিচাপেও যথেষ্ট সহায় কৰিব ৷ শিশুসকলৰ মাজত এই শ্ব’টো যথেষ্ট জনপ্ৰিয় ৷ গতিকে মহামাৰীৰ পিছত এইসকলৰ অনুৰাগীৰ সৈতে সংযোগ স্থাপন কৰাৰ এয়াই ভাল সুবিধা ৷ এনেধৰণৰ বহুটো কাৰণ আছে যাৰ বাবে মই শ্ব’টোত অংশগ্ৰহণ কৰিবলৈ সন্মত হৈছো" বুলি অৰ্জুন বিজলানীয়ে কয় ৷

অৰ্জুনৰ উপৰিও শ্ব’টোৰ ফাইনেলিষ্ট আছিল দিব্যাংকা ত্ৰিপাঠী, শ্বেতা তিৱাৰী, বিশাল আদিত্য সিং, ৰাহুল বৈদ্য, বৰুণ সুদ ৷ সম্পূৰ্ণ ক’ভিড 19 ৰ নীতি-নীয়ম মানি চলি সুৰক্ষাৰ মাজতে কেপটাউনত Khatron Ke Khiladi ৰ চলিত চিজনৰ চিত্ৰগ্ৰহণ কৰা হৈছিল ৷

লগতে পঢ়ক :সুমধুৰ কণ্ঠৰে ছ’চিয়েল মিডিয়া কঁপাই তোলা চয়নিকাক জানেনে ?

ABOUT THE AUTHOR

...view details