অসম

assam

ETV Bharat / sitara

জাষ্টিন বিবাৰে অস্বীকাৰ কৰিছে যৌন নিৰ্যাতনৰ অভিযোগ

যৌন উৎপীড়নৰ অভিযোগ উত্থাপন হৈছে পপ আইকন জাষ্টিন বিবাৰৰ বিৰুদ্ধে ৷ শেহতীয়াকৈ জাষ্টিন বিবাৰে স্পষ্ট কৰে যে , মহিলাগৰাকীয়ে অভিযোগ দিয়া তাৰিখত তেওঁ কেতিয়াও সেই স্থানত উপস্থিত নাছিল ৷ শিল্পী গৰাকীয়ে কয় যে, তেওঁ কেতিয়াও এই কথাটো সাধাৰণ ভাৱে নলয় আৰু ইয়াৰ বিৰুদ্ধে তেওঁ আইনী ব্যৱস্থা গ্ৰহণ কৰিব ৷

By

Published : Jun 22, 2020, 2:52 PM IST

Justin Bieber denies sexual assault allegations, seeks legal actions
জাষ্টিন বিবাৰে অস্বীকাৰ কৰিছে যৌন নিৰ্যাতনৰ অভিযোগ

চিটাৰা ডেস্ক,22 জুনঃদেওবাৰৰ দিনা পপ আইকন জাষ্টিন বিবাৰে অস্বীকাৰ কৰে, তেওঁৰ বিৰুদ্ধে উত্থাপন হোৱা এক গুৰুতৰ অভিযোগ ৷ শেহতীয়াকৈ এগৰাকী মহিলাই তেওঁৰ বিৰুদ্ধে উত্থাপন কৰিছিল যৌন নিৰ্যাতনৰ অভিযোগ ৷ টুইটাৰ যোগে সমগ্ৰ অভিযোগৰ বিৱৰণ দিয়ে কন্ঠশিল্পী গৰাকীয়ে ৷

জাষ্টিন বিবাৰে অস্বীকাৰ কৰিছে যৌন নিৰ্যাতনৰ অভিযোগ

বিৱৰণ অনুসৰি ডেনিয়েল নামৰ এগৰাকী মহিলাই 2014 চনত জাষ্টিন বিবাৰৰ দ্বাৰা যৌন উৎপীড়নৰ বলি হোৱাৰ অভিযোগ তুলিছে ৷ দ্য হলীউড ৰিৰ্পটাৰৰ ৰিৰ্পট অনুসৰি ,ডেনিয়েল নামৰ মহিলা এগৰাকীয়ে টুইট যোগে উত্থাপন কৰিছে এই যৌন নিৰ্যাতনৰ অভিযোগ ৷ মহিলা গৰাকীয়ে শনিবাৰে এটা অচিনাক্ত টুইটাৰ একাউন্টৰ পৰা এই অভিযোগ উত্থাপন কৰে ৷ অৱশ্যে মাইক্ৰ ব্লগিং ৱেৱচাইট এটাই পিছত এই টুইট আঁতৰাই পেলায় ৷

ইয়াৰ প্ৰত্যুত্তৰত স্পষ্টীকৰণ দিয়ে সংগীত তাৰকা গৰাকীয়ে ৷ তেওঁ টুইট যোগে লিখে,"Rumours are rumours but sexual abuse is something I don't take lightly. I wanted to speak out right away but out of respect to so many victims who deal with these issues daily I wanted to make sure I gathered the facts before I made any statement,"

জাষ্টিন বিবাৰৰ মতে, মহিলাগৰাকীয়ে অভিযোগ দিয়া তাৰিখত তেওঁ কেতিয়াও সেই স্থানত উপস্থিত নাছিল ৷ লগতে কয়, তেওঁ কেতিয়াও যৌন নিৰ্যাতনৰ দৰে অভিযোগ সাধাৰণ ভাৱে নলয় আৰু ইয়াৰ বিৰুদ্ধে তেওঁ আইনী ব্যৱস্থা গ্ৰহণ কৰিব ৷

লগতে তেওঁ সেই তাৰিখত ক'ত ,কেনেকৈ উপস্থিত আছিল সকলো খিনি তথ্য সহকাৰে টুইট যোগে দাঙি ধৰে ৷

লগতে পঢ়কঃকাজলে কি টিপছ দিলে নৱাগত অভিনয় শিল্পীসকলক ?

ABOUT THE AUTHOR

...view details