নিউজ ডেস্ক, ৩ মাৰ্চ: উত্তৰাখণ্ডৰ চামোলি হিমবাহ বিস্ফোৰণ দুৰ্যোগত বিধ্বস্ত হোৱা লোকসকললৈ দহ লাখতকৈও অধিক আৰ্থিক সাহায্য প্ৰদান জনপ্ৰিয় কন্ঠশিল্পী জুবিন নটিয়ালৰ । ১৪ ফেব্ৰুৱাৰীত এক ডিজিটেল কনচাৰ্টৰ জৰিয়তে সংগ্ৰহ কৰা ধনৰ অংশ মংগলবাৰে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিবন্দ্ৰ সিং ৰাৱটৰ হাতত অৰ্পন কৰে । চামোলি দুৰ্যোগত প্ৰভাৱিত লোকসলৰ বাবে পুঁজি সংগ্ৰহ কৰিবলৈ উক্ত অনুষ্ঠানটো কৰিছিল । যদি সকলোৱে এটকা দুটকাকৈ আগবঢ়াই তেন্তে সকলোৰে বাবে ই ভাল পদক্ষেপ হ'ব বুলি কয় জুবিন নটিয়ালে । ইয়াৰ জৰিয়তে তেওঁলোকে দৰ্শকৰ পৰা যথেষ্ঠ সঁহাৰি লাভ কৰিছিল আৰু এয়া অনুৰাগীসকলৰ বাবে সম্ভৱপৰ হৈছে বুলি মন্তব্য কৰে । গতিকে প্ৰতিগৰাকী দৰ্শকৰ ওচৰত তেওঁ চিৰ কৃতজ্ঞ বুলি উল্লেখ কৰে ।
অনুষ্ঠানটো ২.৫ লাখৰো অধিক লোকে ডিজিটেলভাৱে উপভোগ কৰিছিল । যাৰদ্বাৰা নটিয়ালে ডিজিটেলি ১৩,৯১,১১১ টকা সংগ্ৰহ কৰিছিল । এই সমগ্ৰ ধন মংগলবাৰে মুখ্যমন্ত্ৰী ত্ৰিবন্দ্ৰ সিং ৰাৱটৰ হাতত জুবিন নটিয়ালে অৰ্পন কৰে । তেওঁৰ এই অভিযানে অধিক দায়িত্বশীল নাগৰিক হ'বলৈ আৰু ইজনে-সিজনৰ বাবে একেলগ হ'বলৈ অনুপ্ৰেৰিত কৰে বুলি উল্লেখ কৰে ।