চিটাৰা ডেস্ক,15 অক্টোবৰঃ অসমীয়া সংগীত জগতৰ স্বনামধন্য সংগীত শিল্পী তথা সংগীত পৰিচালক জয়ন্ত হাজৰিকাৰ আজি 42 সংখ্যক মৃত্যুবাৰ্ষিকী ৷ 1943 চনত জন্ম হোৱা শিল্পীগৰাকীয়ে 34 বছৰ বয়সতে 1977 চনত মৃত্যুবৰণ কৰিছিল ৷ আজি তেওঁৰ মৃত্যুবাৰ্ষিকীত অসমবাসীয়ে শ্ৰদ্ধাৰে সুঁৱৰিছে ৷
তেওঁৰ 42 সংখ্যক মৃত্যু বাৰ্ষিকীত চান্দমাৰিস্থিত জয়ন্ত হাজৰিকা উদ্যানত বন্তি প্ৰজ্বলন, মাল্য প্ৰদান কৰা হয় ৷ তেখেতক শ্ৰদ্ধাৰে সোঁৱৰে পৰিয়ালৰ লগতে জয়ন্ত হাজৰিকা দেৱৰ গুণমুগ্ধ সকলে । তেখেতৰ মৃত্যু বাৰ্ষিকীত বন্তি প্ৰজ্বলন আৰু মাল্য প্ৰদান কৰিবলৈ উপস্থিত হয় তেখেতৰ পত্নী মনীষা হাজৰিকা আৰু জে পি দাস আৰু পৰিয়ালৰ অন্যান্য লোকৰে লগতে স্থানীয় লোক ।
ষাঠিৰ দশকতে অসমীয়া সংগীত জগতত আত্মপ্ৰকাশ কৰিছিল স্বনামধন্য শিল্পীগৰাকীয়ে ৷ শিল্পীগৰাকীয়ে 1943 চনৰ 20 ছেপ্টেম্বৰত মংগলদৈত জন্মগ্ৰহণ কৰিছিল ৷ সৰুৰে পৰাই সংগীতৰ প্ৰতি ধাউতি থকা জয়ন্ত হাজৰিকাই 9 বছৰ বয়সতে প্ৰথমটো গীতত সুৰ দিছিল ৷ পিছত 1962 চনত কলিকতালৈ গৈ এইচ.এম ভি কোম্পানীত 'আগলি বতাহে কঁপালে কলৰে পাত' আৰু 'কৃষ্ণচূড়া কৃষ্ণচূড়া' শীৰ্ষক গীত দুটা বাণীবদ্ধ কৰিছিল ৷ এই গীত দুটাৰ পিছতে তেওঁ জিলিকি উঠিছিল সংগীতৰ ক্ষেত্ৰখনত ৷ ইয়াৰ পিছত জ্যেষ্ঠ ভাতৃ ভূপেন হাজৰিকাৰ সংগীত পৰিচালনাত 'মণিৰাম দেৱান' নামৰ বোলছবিখনৰ বাবে কন্ঠদান কৰিছিল ৷ ক্ৰমান্বয়ে তেওঁ বহুতো গীতত সুৰ আৰু কন্ঠদান কৰাৰ লগতে বোলছবি,মঞ্চনাট আৰু তথ্যচিত্ৰৰ বাবে সংগীত পৰিচালনা কৰিবলৈ আৰম্ভ কৰে। উল্লেখনীয় কথা যে, শিল্পীগৰাকীয়ে 'লটিঘটি' আৰু 'চিকমিক বিজুলী' নামৰ দুখন অসমীয়া কথাছবিত সংগীত পৰিচালনা আৰু কন্ঠদান কৰাৰ লগতে অভিনয়ো কৰিছিল ৷
শিল্পীগৰাকীয়ে অসমীয়া সংগীত জগতখনলৈ লোক সংগীত,শাস্ত্ৰীয় সংগীতৰ লগতে পশ্চিমীয়া সংগীতৰ ধাৰা বোৱাই দিছিল ৷ তেওঁ বোলছবিৰ বাবে সংগীত পৰিচালনা কৰাই নহয় মঞ্চনাটৰ বাবেও সংগীত পৰিচালনা কৰিছিল ৷ শিল্পীগৰাকীয়ে সংগীতৰ লগতে সামাজিক কামৰ লগতো জড়িত হৈ আছিল ৷ তেওঁ 'সুৰ বাহিনী' নামৰ এটা অনুষ্ঠান গঠন কৰি বানপীড়িত লোকৰ বাবে বাট পথত গীত পৰিৱেশন কৰি সাহায্যও তুলিছিল ৷ অতি দুখজনক যে,তেওঁ নতুন আশা শীৰ্ষক ছবিৰ সংগীতৰ কাম কৰি থকাৰ মাজতেই সকলোকে আচৰিত কৰি 34 বছৰ বয়সতে মৃত্যুবৰণ কৰিছিল ৷