অসম

assam

By

Published : Feb 12, 2020, 4:42 PM IST

ETV Bharat / sitara

চলমান খানক লগ কৰিবলৈ তিনিচুকীয়াৰ পৰা পেদেল মাৰি আহি আছে এজন অনুৰাগী

চলমান খানক লগ পোৱাৰ হেঁপাহেৰে জাগুনৰ পৰা গুৱাহাটীলৈ চাইকেলেৰে যাত্ৰা কৰিছে 56 বছৰীয়া ভূপেন লিকচনে ৷

চলমানখানৰ অনুৰাগী
চলমানখানৰ অনুৰাগী

কলিয়াবৰ,12 ফেব্ৰুৱাৰীঃচলমান খানৰ এজন অসমীয়া অনুৰাগী ৷ চলমানখানক জীৱনত এবাৰ লগ পোৱাৰ দুৰ্বাৰ হেঁপাহ তেওঁৰ ৷ ১৫ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ'ব লগা ফিল্মফেয়াৰ এৱাৰ্ডত চলমান খান আহিব বুলি জানিব পাৰি ভূপেন লিকচননামৰ 56 বছৰীয়া অনুৰাগী গৰাকীয়ে চলমান খানক লগ পাবৰ বাবে জাগুনৰ পৰা গুৱাহাটীলৈ কৰিছে চাইকেলেৰে যাত্ৰা ৷ বয়সে ম্লান কৰিব পৰা নাই ভূপেন লিকচনৰ মনৰ হেঁপাহ ৷ এইবাৰ পূৰণ হ'ব তেওঁৰ মনৰ এই বিশেষ হেঁপাহ কাৰণ অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱাই চলমান খানৰ সৈতে ভূপেন লিকচনক লগ কৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছে ৷ গতিকে আনন্দতে ভূপেন লিকচনে চাইকেলেৰেই যাত্ৰা আৰম্ভ কৰিলে যোৱা ৮ ফেব্ৰুৱাৰী তাৰিখে। চাইকেল চলাই ভাল পোৱা ভূপেন লিকচনৰ আশা চাইকেল চলাই কৰিব এদিন গীণিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড

চলমানখানৰ অনুৰাগী

ABOUT THE AUTHOR

...view details