চিটাৰা ডেক্স,19 চেপ্টেম্বৰঃবুধবাৰে মুম্বাইত অনুষ্ঠিত হয় 20 সংখ্যক "ইণ্ডিয়ান ফিল্ম একাডেমী এৱাৰ্ডছ" অনুষ্ঠান ৷ এই অনুষ্ঠানত অংশ গ্ৰহণ কৰে 'বি-টাউন'ৰ বহু জনপ্ৰিয় তাৰকাই ৷ আইফা পুৰস্কাৰেৰে সন্মানিত হ'ল বহুকেইগৰাকী জনপ্ৰিয় তাৰকা ৷ জনপ্ৰিয় ছবি "পদ্মাৱতৰ" বাবে শ্ৰেষ্ঠ অভিনেতা হিচাপে ৰণবীৰ সিঙে আৰু "ৰাজি"ৰ বাবে আলিয়া ভাটে লাভ কৰে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান ৷ ইফালে সঞ্জুত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ সহঃ অভিনেতাৰ পুৰষ্কাৰ লাভ কৰে অভিনেতা বিকি কৌশলে ৷ "চেন্নাই এক্সপ্ৰেছ"ৰ বাবে দীপিকা পাডুকন, "বৰফিৰ" বাবে ৰণবীৰ কাপুৰ, "থ্ৰি ইডিয়টছ"ৰ বাবে ৰাজকুমাৰ হিৰানী আৰু " য়ে দিল হে মুচকিলৰ " বাবে প্ৰীতমে লাভ কৰে বিশেষ পুৰষ্কাৰ ৷ ইয়াৰোপৰি ভাৰতীয় চলচ্চিত্ৰ উদ্যোগত নৃত্যৰ ক্ষেত্ৰত আগবঢ়োৱা অতুলনীয় অৱদানৰ বাবে পুৰষ্কাৰ প্ৰদান কৰা হয় কৰিঅ'গ্ৰাফাৰ সৰোজ খানক ৷ কৌতুক অভিনয়ৰ শিতানত আগবঢ়োৱা অৱদানৰ বাবে মাষ্টাৰ চৈয়দ ইশতিয়াক আহমেদকো প্ৰদান কৰা হয় বিশেষ পুৰষ্কাৰ ৷
আইফা এৱাৰ্ডছ 2019ৰ বিজয়ীসকল আৰু শিতানসমূহ হ'ল :
শ্ৰেষ্ঠ ছবি - ৰাজি
শ্ৰেষ্ঠ পৰিচালক- শ্ৰী ৰাম ৰাঘৱন
শ্ৰেষ্ঠ অভিনেত্ৰী- আলিয়া ভাট ( ৰাজি )
শ্ৰেষ্ঠ অভিনেতা - ৰণবীৰ সিং ( পদ্মাৱত )
শ্ৰেষ্ঠ চাৰ্পোটিং অভিনেত্ৰী - অদিতি ৰাও হায়দাৰি ( পদ্মাৱত )
শ্ৰেষ্ঠ চাৰ্পোটিং অভিনেতা- বিকি কৌশল ( সঞ্জু )