চিটাৰা ডেস্ক, 1 অক্টোবৰ :অসমীয়া বোলছবি তথা ৰাষ্ট্ৰীয় টেলিভিশ্বন জগতৰ এগৰাকী মোহময়ী অভিনেত্ৰী ৰিম্পী দাস(Rimpi Das) ৷ আজি 37 বছৰ বয়সত ভৰি দিলে অভিনেত্ৰীগৰাকীয়ে ৷ জলীউডৰ এগৰাকী আগশাৰীৰ অভিনেত্ৰী তথা মডেল ৰিম্পী দাসে 2004 চনত অসমীয়া চলচ্চিত্ৰ ‘মনত বিৰিণাৰ জুই’ৰ যোগেদি অভিনয় জগতত ভৰি দিছিল ৷
ইয়াৰ পাচতে অভিনয়ৰ যাত্ৰাত থমকি নোৰোৱাকৈ বহুকেইখন ছবিত কাম কৰাৰ সুযোগ লাভ কৰে ৰিম্পীয়ে ৷ বোলছবিত অভিনয় কৰাৰ উপৰিও ৰিম্পীয়ে বহু অসমীয়া ভিচিডি(VCD) আৰু অসমীয়া গীতত অভিনয় কৰিছে ৷ ভ্ৰাম্যমান থিয়েটাৰ(Bhramyaman Theatre)ৰ সৈতেও বিশেষভাৱে জড়িত ৰিম্পী ৷
2010 চনত তেওঁ পোনপ্ৰথমবাৰৰ বাবে কহিনুৰ থিয়েটাৰ(Kohinoor Theatre)ত অংশ লৈ থিয়েটাৰ জগততো দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয় ৷ ৰিম্পীয়ে অভিনয় কৰা জনপ্ৰিয় অসমীয়া বোলছবিসমূহৰ ভিতৰত আছে- ‘মন যায়’, ‘অজেয়’, ‘পলে পলে উৰে মন’, ‘জোন তৰা’, ‘গানে কি আনে’ আদি ৷
আনহাতে, অসমীয়া ভিচিডিসমূহৰ ভিতৰত আছে- ‘উৰণীয়া মন’, ‘ফাগুনী’, ‘জোনাকী মন’ ইত্যাদি ৷ সুদৃঢ় অভিনয় আৰু এক আকৰ্ষণীয় লুকৰ বাবে ৰিম্পীয়ে অৱশেষত ৰাষ্ট্ৰীয় পৰ্যায়ত কাম কৰাৰ সুযোগ লাভ কৰিছিল ৷ BIG Magicত সম্প্ৰচাৰিত হিন্দী ধাৰাবাহিক ‘আকবৰ বীৰবল’(Akbar Birbal)ৰ পৰাই তেওঁৰ ৰাষ্ট্ৰীয় পৰ্যায়ত অভিনয়ৰ যাত্ৰা আৰম্ভ হৈছিল ৷