অসম

assam

ETV Bharat / sitara

অভ্যৰ্থনা অনুষ্ঠানত মনীষ মল্হোত্ৰাৰ আকৰ্ষণীয় পোছাক পৰিধান গৌহৰ-জেইদৰ

নৱ বিবাহিত দম্পতী গৌহৰ খান আৰু জেইদ দৰবাৰৰ বিবাহৰ অভ্যৰ্থনা অনুষ্ঠান সম্পন্ন ৷ ফেশ্বন ডিজাইনাৰ মনীষ মালহোত্ৰাৰ ডিজাইনিং পোছাক পৰিধান কৰি সকলোকে আকৰ্ষিত কৰে গৌহৰ-জেইদে ৷

Gauhar Khan-Zaid Darbar wedding reception
গৌহৰ-জেইদৰ ৰিচেপ্চন পৰ্ব

By

Published : Dec 26, 2020, 2:12 PM IST

চিটাৰা ডেস্ক,26 ডিচেম্বৰ : শুকুৰবাৰে নিশা অতি ধুম-ধামেৰে সম্পন্ন হয় নৱ বিবাহিত দম্পতী গৌহৰ খান আৰু জেইদ দৰবাৰৰ বিবাহৰ অভ্যৰ্থনা অনুষ্ঠান ৷ জনপ্ৰিয় ফেশ্বন ডিজাইনাৰ মনীষ মালহোত্ৰাৰ হাতৰ পৰশেৰে প্ৰস্তুত কৰা আকৰ্ষণীয় ডিজাইনিং পোছাক পৰিধান কৰি অভ্যৰ্থনা অনুষ্ঠানত সকলোকে আকৰ্ষিত কৰি তোলে গৌহৰ-জেইদে ৷

পোছাক পিন্ধনত জেইদে ক’লা ৰঙৰ শ্বেৰৱানী পৰিধান কৰাৰ বিপৰীতে গৌহৰে সোণালী আৰু ৰঙা ৰঙৰ লেহেংগা পৰিধান কৰে ৷ ৰঙা ৰঙৰ দোপাত্তাৰে সৈতে জিলিকি উঠিছে গৌহৰ ৷

গৌহৰ-জেইদৰ ৰিচেপ্চন পৰ্ব

বৃহস্পতিবাৰে মুম্বাইত পৰম্পৰাগতভাৱে নিকাহ সম্পন্ন কৰে বিগ বছ 7ৰ বিজেতা অভিনেত্ৰী গৌহৰ খান আৰু নৃত্য কৰিঅ’গ্ৰাফাৰ জেইদ দৰবাৰে ৷ ইনষ্টাগ্ৰামযোগে ফটো শ্বেয়াৰ কৰি কেপচনত ‘কুবুল হ্যে’ বুলি উল্লেখ কৰে গৌহৰে ৷

দম্পতীটোৰ নিকাহৰ ফটো চ’ছিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাচতে অলেখ গুণমুগ্ধই দুয়োকে অভিনন্দন জনায় ৷ আনহাতে, আন একাংশই দুয়োকে সমালোচনা কৰাও পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক :আমিৰ খানৰ পাচত 'বিক্ৰম বেধা'ৰ ৰিমেকত ঋত্বিক ৰোচনৰ এন্ট্ৰি

ABOUT THE AUTHOR

...view details