অসম

assam

ETV Bharat / sitara

টেলিভিছনৰ সোণালী সময়: স্মূতি ৰোমন্ঠন কৰালে দূৰদৰ্শনে - স্মূতি ৰোমন্ঠন কৰালে দূৰদৰ্শনে

পুনৰ সম্প্ৰচাৰিত হ'ব দূৰদৰ্শনৰ বহুকেইখন জনপ্ৰিয় ধাৰাবাহিক ৷ লকডাউনৰ ফলত দেশৰ নাগৰিক ঘৰতে আবদ্ধ হৈ পৰা বাবে দূৰদৰ্শনৰ এই প্ৰচেষ্টা ৷

টেলিভিছনৰ সোণালী সময়
পুনৰ সম্প্ৰচাৰিত হ'ব দূৰদৰ্শনৰ বহুকেইখন জনপ্ৰিয় ধাৰাবাহিক

By

Published : Mar 31, 2020, 10:36 AM IST

নেশ্যনেল ডেস্ক, 31 মাৰ্চ : টেলিভিছনৰ সোণালী সময়ৰ অতি জনপ্ৰিয় ধাৰাবাহিকসমূহ পুনৰ সম্প্ৰচাৰ কৰিব দূৰদৰ্শনে ৷ ইয়াৰ জৰিয়তে ৰাষ্ট্ৰজোৰা লকডাউনৰ সময়ছোৱা সকলোৰে বাবে আনন্দময় কৰাৰ প্ৰয়াস কৰিছে দূৰদৰ্শনে ৷

পুনৰ সম্প্ৰচাৰণ কৰিবলগা এই ধাৰাবাহিকসমূহ :

1. চানক্য :DD Bharti ত এপ্ৰিলৰ প্ৰথম সপ্তাহৰ পৰা সম্প্ৰচাৰণ কৰা হ'ব চন্দ্ৰপ্ৰকাশ দ্বিবেদীৰ দ্বাৰা পৰিচালিত 47 খণ্ডৰ ধাৰাবাহিক চানক্য ৷ প্ৰতিদিনে বিয়লি ইয়াৰ সম্প্ৰচাৰণ কৰা হ'ব ৷

2. উপনিষদ গংগা : DD Bhartilত এপ্ৰিলৰ পৰা সম্প্ৰচাৰিত হ'ব 52 টা খণ্ডৰ চিনমায়া মিছন ট্ৰাষ্টৰ দ্বাৰা প্ৰযোজিত আৰু চন্দ্ৰপ্ৰকাশ দ্বিবেদীৰ দ্বাৰা পৰিচালিত উপনিষদ গংগা ৷ প্ৰতিদিনে বিয়লি ইয়াৰ সম্প্ৰচাৰণ কৰা হ'ব ৷

3. শক্তিমান : DD Nationalত এপ্ৰিলৰ পৰা বিয়লি 1 বজাত সম্প্ৰচাৰিত হ'ব জনপ্ৰিয় ধাৰাবাহিক শক্তিমান ৷ মুকেশ খান্নাৰ দ্বাৰা প্ৰযোজিত আৰু অভিনীত শক্তিমান এতিয়াও সকলোৰে মাজত সমানেই জনপ্ৰিয় ৷

4. শ্ৰীমান শ্ৰীমতী :DD National ত সম্প্ৰচাৰিত হ'ব মাৰ্কান্দ অধিকাৰীৰ দ্বাৰা প্ৰযোজিত হাঁহিৰ খোৰাক যোগোৱা শ্ৰীমান শ্ৰীমতী নামৰ ধাৰাবাহিকখন ৷ এপ্ৰিলৰ প্ৰথম ভাগৰ পৰাই বিয়লি 2 বজাত এই ধাৰাবাহিকৰ সম্প্ৰচাৰণ কৰা হ'ব ৷

5. কৃষ্ণ কলি : DD Nationalত সন্ধিয়া 8 বজাত সম্প্ৰচাৰিত হ'ব কৃষ্ণ কলিৰ 18 টা খণ্ড ৷

আনহাতে, ইতিমধ্যই পুনৰ সম্প্ৰচাৰিত হোৱা ধাৰাবাহিকসমূহ হৈছে :

1. ৰামায়ণ: ৰামানন্দ সাগৰৰ দ্বাৰা প্ৰযোজিত ৰামায়ণ ইতিমধ্যেই DD National ত প্ৰতিদিনে পুৱা 9 বজাত আৰু সন্ধিয়া 9 বজাত সম্প্ৰচাৰিত হৈ আছে ৷

2. মহাভাৰত : 97 খণ্ডৰ মহাভাৰত প্ৰতিদিনে দুবাৰকৈ অৰ্থাৎ দিনৰ 12 বজাত আৰু সন্ধিয়া 7 বজাত 45 মিনিটকৈ সম্প্ৰচাৰিত হৈ আছে ৷

3. ব্যুমকেশ বক্সী : দিনৰ 11 বজাত 52 টা খণ্ড 1 ঘন্টাকৈ সম্প্ৰচাৰিত কৰি থকা হৈছে ৷

4. চাৰ্কাছ : শ্বাহৰুখ খান অভিনীত চাৰ্কাছ সন্ধিয়া 8 বজাত সম্প্ৰচাৰিত হৈছে ৷

5. হাম হ্য়ে না : DD National ত সন্ধিয়া 10.00 বজাত 28 মাৰ্চৰ পৰা সম্প্ৰচাৰিত কৰা হৈছে ৷

6.তু তোতা ম্যে মেইনা :26টা খণ্ড 28 মাৰ্চৰ পৰা প্ৰতিদিনে সন্ধিয়া 10.30 বজাত সম্প্ৰচাৰিত হৈছে ৷

উল্লেখ্য যে, Cable Television Networks (Regulation) আইন অনুসৰি,সকলো DTH আৰু Cable operator য়ে দূৰদৰ্শনৰ চেনেলসমূহ প্ৰদৰ্শন কৰাটো বাধ্যতামূলক ৷ অন্যথা 11,12 আৰু 18 দফাৰ অধীনত শাস্তিৰ সন্মুখীন হ'ব লাগিব বুলি উল্লেখ কৰা হৈছে ৷

কোনো কাৰণত দূৰদৰ্শনৰ চেনেলসমূহ উপভোগ কৰিবলৈ সক্ষম নহ'লে ওচৰৰ দূৰদৰ্শন কেন্দ্ৰৰ ষ্টেচন মুৰব্বীক অভিযোগ কৰাৰ লগতে ই-মেইল কৰিব পাৰিব ৷ তথ্য আৰু সম্প্ৰচাৰণ মন্ত্ৰণালয়ে এক পত্ৰৰ জৰিয়ত এই কথা প্ৰকাশ কৰে ৷

আৰু পঢ়ক :

কোভিড-19 : মৃতকৰ সংখ্যাৰ শীৰ্ষত আমেৰিকা

ABOUT THE AUTHOR

...view details