অসম

assam

ETV Bharat / sitara

দিব্যা আগৰৱালাৰ শিৰত Bigg Boss OTT ৰ খিতাপ

বিগ বছ(Bigg Boss)ৰ প্ৰথমটো ডিজিটেল সংস্কৰণৰ খিতাপ লাভ কৰিছে দিব্যা আগৰৱালে(Divya Agarwal) ৷ শনিবাৰে নিশা আৰু Voot ত সম্প্ৰচাৰ হোৱা গ্ৰেণ্ড ফাইনেলত anchor কৰণ জোহৰে(Karan Johar) দিব্যাক বিজয়ী হিচাপে ঘোষণা কৰে ৷ দিব্যাৰ পাচতে প্ৰথম ৰাণাৰ্ছ আপ হয় নিশান্ত ভাট(Nishant Bhat) ৷ লগতে আন তিনিগৰাকী ফাইনেলিষ্টৰ স্থান লাভ কৰে শমিতা ছেট্টী(Shamita Shetty), ৰাকেশ বাপট(Raqesh Bapat) আৰু প্ৰতীক ছেহাজপালে(Pratik Sehajpal) ৷ 6 সপ্তাহৰ বাবে 24×7 লাইভ ষ্ট্ৰীম হৈছিল Bigg Boss OTT ৷

Divya Agarwal lifts the trophy of Bigg Boss OTT
দিব্যা আগৰৱালৰ শিৰত Bigg Boss OTTৰ খিতাপ

By

Published : Sep 19, 2021, 7:20 AM IST

চিটাৰা ডেস্ক, 19 ছেপ্তেম্বৰ :অনুৰাগীৰ পৰা সৰ্বাধিক ভোট লাভ কৰি Bigg Boss OTT ৰ প্ৰথমটো সংস্কৰণৰ বিজেতা হৈছে দিব্যা আগৰৱালা(Divya Agarwal) ৷ শনিবাৰে নিশা Voot ত সম্প্ৰচাৰ হোৱা গ্ৰেণ্ড ফাইনেলত দিব্যাক বিজেতা হিচাপে ঘোষণা কৰে ঘোষক কৰণ জোহৰে(Karan Johar) ৷ মুঠ 6 সপ্তাহৰ বাবে 24×7 লাইভ ষ্ট্ৰীম হৈছিল Bigg Boss OTT ৷

দিব্যাৰ পাচতে প্ৰথম ৰাণাৰ্ছ আপৰ স্থানত থাকে নিশান্ত ভাট(Nishant Bhat) ৷ আনহাতে, অন্য তিনিগৰাকী ফাইনেলিষ্টৰ স্থান লাভ কৰে শমিতা ছেট্টী(Shamita Shetty), ৰাকেশ বাপট(Raqesh Bapat) আৰু প্ৰতীক ছেহাজপালে(Pratik Sehajpal)৷ কিন্তু বিগ বছৰ ব্ৰিফকেছ(Briefcase)টো লৈ বিগ বছ 15(Bigg Boss)ত পোনপটীয়াকৈ প্ৰৱেশ কৰাৰ সুবিধা লাভ কৰে প্ৰতীকে ৷

শ্ব’টোত অন্য কোনো প্ৰতিযোগী অবিহনে অকলে প্ৰৱেশ কৰা দিব্যাই সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰি দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হয় । গ্ৰেণ্ড ফাইনেলৰ পূৰ্বেই ছ’চিয়েল মিডিয়াত দিব্যাই জয়ী হোৱাৰ ট্ৰেণ্ড আহি গৈছিল ৷ বিগ বছ অ’টিটিৰ ট্ৰফীৰ সৈতে কালাৰ্ছৰ পৰা 25 লাখ টকা লাভ কৰে বিজেতা দিব্যাই ৷

আনহাতে, ব্ৰিফকেছ লৈ বিগ বছ 15 ৰ টিকট লাভ কৰা প্ৰতীকে হ’বলগীয়া বিগ বছৰ এই সংস্কৰণৰ প্ৰথমগৰাকী প্ৰতিযোগী হিচাপে নিৰ্বাচিত হয় ৷ অৱশ্যে বিজয়ী প্ৰাৰ্থী দিব্যায়েও বিগ বছ 15 ত অংশগ্ৰহণ কৰাৰ সুবিধা লাভ কৰে ৷

লগতে পঢ়ক:চনু চুডৰ বিৰুদ্ধে 20 কোটিৰো অধিক কৰ ফাঁকিৰ অভিযোগ

ABOUT THE AUTHOR

...view details