অসম

assam

ETV Bharat / sitara

ৰাইজক উদ্দেশ্য়ি কি ক'লে দীপলিনা ডেকাই ? - third day lock down

কৰ'ণাৰ আতংকই এতিয়া ছানি ধৰিছে সমগ্ৰ বিশ্বক। এই ৰোগৰ ভয়াৱহতাৰ পৰা ৰক্ষা পাবলৈ প্ৰতিখন দেশে লৈছে বিভিন্ন ব্যৱস্থাৰ লগতে সজাগতা মূলক কাৰ্যসূচী। কেন্দ্ৰীয় চৰকাৰে 24 মাৰ্চৰ সন্ধিয়া 6 বজাৰ পৰা 21 দিন লক ডাউন কৰাৰ নিৰ্দেশ জাৰি কৰাৰ পিছতো একাংশ লোকৰ অসাৱধান বাবে বিপদত পৰাৰ আশংকা কৰিছে প্ৰশাসনে। সাম্প্ৰতিক পৰিস্থিতি চাই কি ক'লে দীপলিনা ডেকাই ?

deeplina-deka-on-lock-down
ৰাইজক উদ্দেশ্য়ি কি ক'লে দীপলিনা ডেকাই ?

By

Published : Mar 28, 2020, 12:00 AM IST

গুৱাহাটী,27 মাৰ্চঃৰাইজক সজাগ হ'বলৈ বাৰম্বাৰ প্রশাসনে অনুৰোধ জনোৱাৰ লগতে কণ্ঠ শিল্পী দীপলিনা ডেকাই অনুৰোধ কৰিলে ৰাইজক সজাগ হ'বলৈ। দীপলিনা ডেকাই জানিবলৈ দিয়া অনুসৰি লক ডাউনৰ দিন কেইটাক ৰাইজে কোনো বন্ধৰ দিন বুলি উদযাপন কৰিছে একেবাৰে সহজ ভাৱে। কেৰম খেলা,উলাই যোৱা এনেধৰণৰ কামবোৰ বাৰে বাৰে নকৰিবলৈ অনুৰোধ দীপলিনা ডেকাৰ। ৰাইজৰ সুবিধাৰ্থে প্ৰশাসনে পাচলি অথবা গেলা মালৰ দোকান খুলিবলৈ দিয়া নিৰ্দেশৰ পিছতে ৰাইজে কোনো সাৱধানতা অৱলম্বন নকৰাকৈ ওলাই আহিছে বজাৰলৈ। অসমৰ ৰাইজক এনে নকৰিবলৈ অনুৰোধ কৰাৰ লগতে প্ৰশাসনৰ সকলো নীতি নিয়ম মানি চলিবলৈ অনুৰোধ জনাইছে দীপলিনা ডেকাই ।

ৰাইজক উদ্দেশ্য়ি কি ক'লে দীপলিনা ডেকাই ?

ABOUT THE AUTHOR

...view details