অসম

assam

By

Published : Jul 9, 2020, 10:12 PM IST

ETV Bharat / sitara

কৰ'ণাৰ প্ৰভাৱঃ শ্বুটিঙত নিজৰ মেকআপ নিজেই কৰে পৰিধি শৰ্মাই

টেলিভিছন তাৰকা পৰিধি শৰ্মা পুনৰ উলটিছে শ্বুটিং চেটলৈ ৷ পুনৰ শ্বুটিং কৰিবলৈ পাই যথেষ্ট সুখী হৈ পৰিছে অভিনেত্ৰী গৰাকী ৷ বৰ্তমান কৰ'ণাৰ ভয়াৱহতাৰ বাবে নিজৰ মেকআপ নিজেই কৰিছে টেলিভিছন তাৰকাগৰাকীয়ে ৷

covid19 effect paridhi sharma turns make up artist
কৰ'ণাৰ প্ৰভাৱঃ শ্বুটিঙত নিজৰ মেকআপ নিজেই কৰে পৰিধি শৰ্মাই

চিটাৰা ডেস্ক,9 জুলাইঃঅভিনেত্ৰী পৰিধি শৰ্মাই তেওঁৰ ধাৰাবাহিক 'জগ জননী মা বৈষ্ণু দেৱী-কাহানী মাতা ৰাণী কি'ৰ বাবে পুনৰ শ্বুটিং আৰম্ভ কৰিছে ৷

শ্বুটিঙত নিজৰ মেকআপ নিজেই কৰে পৰিধি শৰ্মাই

শ্বুটিঙৰ সময়ছোৱাত অধিক সাৱধানতা অৱলম্বন কৰিছে অভিনেত্ৰী গৰাকীয়ে ৷ লক্ ডাউনৰ পিছত এতিয়া তেওঁ সদায় শ্বুটিং চেটলৈ নিজৰ আহাৰ ঘৰতে বনাই লৈ যায় ৷ কেৱল সেয়াই নহয় শ্বুটিঙৰ বাবে নিজৰ মেকআপো নিজেই কৰিছে টেলিভিছন তাৰকাগৰাকীয়ে ৷

তেওঁ জনাই যে, " সকলোৰে দৰে মইও শ্বুটিঙলৈ পুনৰ উভতাৰ ক্ষেত্ৰত সৰ্তক আছিলো ৷ এই কথাৰ পৰা যথেষ্ট সকাহ পাইছো আমাৰ শ্বুটিঙৰ ঠাইখিনি গ্ৰীণ জ'নৰ অন্তৰ্গত ৷ ক্ৰু সদস্য খিনিও গ্ৰীণ জ'নৰ পৰাই আহি আছে ৷"

লগতে কয়," নিজৰ আহাৰ মই নিজেই লৈ আহো, চেনিটাইজাৰৰ ব্যৱহাৰ, সামাজিক দূৰত্ব পালন কৰিছো ৷ মেকআপ শিল্পীয়ে পি.পি.ই কিট পিন্ধিব লগা হয়, কোনোধৰণৰ বিপদৰ পৰা বাচিবৰ বাবেই মই নিজৰ মেকআপ নিজেই কৰি আছো ৷"

জনাই থওঁ যে, ষ্টাৰ ভাৰতত অভিনেত্ৰী গৰাকীৰ ধাৰাবাহিকখনৰ নতুন খণ্ড আৰম্ভ হ'ব 13জুলাইৰ পৰা ৷

লগতে পঢ়কঃচণ্ডীগড়ত পুনৰ শ্বুটিং আৰম্ভ কৰিলে আয়ুষ্মান খুৰাণাই

ABOUT THE AUTHOR

...view details