চিটাৰা ডেস্ক, ২৩ নৱেম্বৰ: কৌতুক শিল্পী ভাৰতী সিং আৰু তেওঁৰ স্ক্ৰীণৰাইটাৰ স্বামী হৰ্ষ লিম্বাচিয়াৰ জামিন আবেদনৰ আজি শুনানি গ্ৰহণ কৰিব মুম্বাইৰ এখন আদালতে। শনিবাৰে নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ই গাঞ্জা সেৱন আৰু মজুত ৰখাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল দম্পতিটোক। দেওবাৰে আদালতে দুয়োকে অহা ৪ ডিচেম্বৰ পৰ্যন্ত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ পিছতে দুয়োগৰাকীয়ে অধিবক্তা আয়াজ খানৰ জৰিয়তে জামিন আবেদন দাখিল কৰে। নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ই শনিবাৰে ভাৰতী সিঙক আৰু অন্ধেৰীস্থিত বাসগৃহৰ পৰা গাঞ্জা জব্দ কৰাৰ পিছত দেওবাৰে তেওঁৰ স্বামী হৰ্ষ লিম্বাচিয়াক গ্ৰেপ্তাৰ কৰে।
দেওবাৰে দুপৰীয়া দুয়োকে মুম্বাইত দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়। অধিবক্তা আয়াজ খানে আদালতত যুক্তি দৰ্শাইছিল যে, জিম্মাত লোৱাৰ পিছত সোধা-পোছা কৰাৰ প্ৰশ্নই নুঠে, কাৰণ জব্দকৃত গাঞ্জা নাৰ্ক'টিক্স ড্ৰাগছ আৰু ছাইক'ট্ৰ'পিক ছাবষ্টেন্স আইনত নিৰ্ধাৰিত থকা পৰিমাণতকৈ যথেষ্ট কম আছিল। দণ্ডাধীশে অধিবক্তাগৰাকীৰ যুক্তি মানি লয় আৰু কয় যে, জিম্মাত লোৱাৰ পিছত সোধা-পোছা কৰাৰ প্ৰয়োজন নাই আৰু অভিযুক্তক শনিবাৰেই যথেষ্ট সময় ধৰি সোধা-পোছা কৰা হৈছে।