গুৱাহাটী, 7 নৱেম্বৰঃ চলিত বৰ্ষৰ ৩১ অক্টোবৰ তাৰিখৰ পৰা আয়োজিত তৃতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ৬ নৱেম্বৰ তাৰিখে সমাপ্তি ঘটে। পূৰ্বতকৈও অধিক সঁহাৰি লাভ কৰা এইবাৰৰ এই মহোৎসৱত ৭০০০ তকৈও অধিক দৰ্শকে পঞ্জীয়ন কৰে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল তথা সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী নৱ দলেৰ দ্বাৰা শুভাৰম্ভ ঘটা মহোৎসৱখনৰ সামৰণি অনুষ্ঠানতো উপস্থিত থাকে ছবি জগতৰ সৈতে জড়িত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।
জনপ্ৰিয় ছবি অভিনেতা তথা থিয়েটাৰৰ সৈতেও ওতঃপ্ৰোত ভাৱে জড়িত শিল্পী ড° মোহন আগাছি এই সামৰণি অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত হৈ ছবি সন্দৰ্ভত তেওঁৰ মনোভাৱ ব্যক্ত কৰে।ইয়াৰ লগতে উপস্থিত থাকে অসমৰ জনপ্ৰিয় ছবি নিৰ্মাতা শান্তনা বৰদলৈ। তৃতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত নিজৰ প্ৰতিভা দেখুওৱাবলৈ সক্ষম হোৱা কেইবাগৰাকীও ছবি নিৰ্মাতাক বঁটা প্ৰদান কৰা হয়। সেইকেইটা হৈছে ক্ৰমে ঃ
জুৰিৰ স্পেচিয়েল মেনচনঃ
- ডিচ ইজ লাইফ
- চনপাপড়ি
বেষ্ট ফিল্ম-
- আহাৰৰ দুপৰীয়া