অসম

assam

ETV Bharat / sitara

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা: আঞ্চলিক ভাষাৰ ছবিৰ শিতানত ‘ৰণুৱা’লৈ শ্ৰেষ্ঠ ছবিৰ সন্মান

জনপ্ৰিয় ছবি পৰিচালক চন্দ্ৰ মুদৈ পৰিচালিত পূৰ্ণদৈৰ্ঘৰ ছবি ‘ৰণুৱা’লৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ আঞ্চলিক ভাষাৰ ছবিৰ শিতানত শ্ৰেষ্ঠ অসমীয়া ছবিৰ সন্মান ৷

By

Published : Mar 22, 2021, 5:49 PM IST

Updated : Mar 22, 2021, 10:23 PM IST

ranua got national film award
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা: আঞ্চলিক ভাষাৰ ছবিৰ শিতানত ‘ৰণুৱা’লৈ শ্ৰেষ্ঠ ছবিৰ সন্মান

গুৱাহাটী,22 মাৰ্চ:অসমৰ নিৰ্বাচনৰ বতৰৰ মাজতে ৰাজ্যৰ ছবি জগতলৈ আহিছে এক সুখৰ বতৰা ৷ সোমবাৰে ঘোষণা কৰা 67 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ আঞ্চলিক ভাষাৰ ছবিৰ শিতানত জনপ্ৰিয় অসমীয়া ছবি পৰিচালক চন্দ্ৰ মুদৈ পৰিচালিত পূৰ্ণদৈৰ্ঘৰ ছবি ‘ৰণুৱা’ই লাভ কৰিছে শ্ৰেষ্ঠ অসমীয়া ছবিৰ সন্মান ৷

আনহাতে, দিলীপ দলে পৰিচালিত মিছিং ভাষাৰ ছবি ‘অনু ৰোৱাদ’-এ জুৰিৰ বিশেষ বঁটাৰ স্বীকৃতি লাভ কৰাৰ লগতে দেৱজিৎ গায়নে খাছী ছবি ‘লেউদুহ’ৰ বাবে শ্ৰেষ্ঠ শব্দগ্ৰহণৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ৷ আনহাতে, অন্যান্য শিতানত ৰাজ্যলৈ সন্মান কঢ়িয়াই অনা তালিকাখন এনেধৰণৰ:

শ্ৰেষ্ঠ পৰিৱেশ সংৰক্ষণমূলক ছবি- WATER BURIAL (পৰিচালক- শান্তনু সেন)

শ্ৰেষ্ঠ শিক্ষামূলক ছবি (অ-কাহিনীচিত্ৰ )- APPLES AND ORANGES (পৰিচালক- ৰুকচানা তব্বাচুম)

জুৰী বিশেষ উল্লেখ (পূৰ্ণদৈৰ্ঘ কাহিনীচিত্ৰ)- জোনাকী পৰুৱা (পৰিচালক- প্ৰকাশ ডেকা)

লগতে পঢ়ক:হাতত আঘাতৰ চিন, ঘৰ্মাক্ত শৰীৰ ! অনুশীলনত ব্যস্ত বিকী

Last Updated : Mar 22, 2021, 10:23 PM IST

ABOUT THE AUTHOR

...view details