অসম

assam

ETV Bharat / sitara

কৰ'ণা আতংকৰ মাজতেই বড়ো বোলছবি বেকাৰ ৰ'মিঅ'ৰ টিজাৰ মুক্তি - ওখ্ৰাঙ দা স্কাইৰ বেনাৰত নিৰ্মাণ কৰা বড়ো বোলছবি "বেকাৰ ৰ'মিঅ'"

বিটিচি বাসী বড়ো ৰাইজৰ বাবে ভাল খবৰ । অচিৰেই আহি আছে -ওখ্ৰাঙ দা স্কাইৰ বেনাৰত নিৰ্মাণ কৰা বড়ো বোলছবি "বেকাৰ ৰ'মিঅ'"

Bodo film teaser  released
কৰ'ণা আতংকৰ মাজতেই বড়ো বোলছবি বেকাৰ ৰ'মিঅ'ৰ টিজাৰ মুক্তি

By

Published : Jul 7, 2020, 9:45 PM IST

বাক্সা,7 জুলাইঃ বিশ্ব ত্ৰাস কৰ'ণা মহামাৰীয়ে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত প্ৰভাৱ পেলোৱাৰ উপৰিও দেশৰ বোলছবি জগতখনটো প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে । তাৰ মাজতে আহিছে বিটিচিবাসী বড়ো ৰাইজৰ বাবে ভাল খবৰ । কাৰণ অচিৰেই আহি আছে -ওখ্ৰাঙ দা স্কাইৰ বেনাৰত নিৰ্মাণ কৰা বড়ো বোলছবি "বেকাৰ ৰ'মিঅ'" ৷ এই বড়ো ছবিখন বাস্তৱধৰ্মী ৰোমাণ্টিক কাহিনীৰে ভৰপূৰ । বোলছবি খন নিৰ্মাণ কৰিছে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত বানগুৰীৰ গাঁৱৰ যুৱ অভিনেতা এম ওখ্ৰাংঙ বড়োৱে আৰু সহযোগ কৰিছে কবিতা ৰামচিয়াৰীয়ে ৷

কৰ'ণা আতংকৰ মাজতেই বড়ো বোলছবি বেকাৰ ৰ'মিঅ'ৰ টিজাৰ মুক্তি
ইতিমধ্যে টিজাৰ মুকলি কৰা হৈছে বড়ো বোলছবিখনৰ । বোলছবি খনত মূল চৰিত্ৰত অভিনয় কৰিছে এম ওখ্ৰাঙ বড়োৰ লগতে বিভিন্ন ন ন শিল্পীয়ে ৷
বেকাৰ ৰ'মিঅ'ৰ টিজাৰ
উল্লেখ্য যে, ওখ্ৰাঙ দা স্কাই নামৰ নাট্য গোষ্ঠীটোৱে বিভিন্ন সময়ত বিটিচি অঞ্চলৰ ন ন প্ৰতিভাৱান যুৱক যুৱতী সকলৰ মাজত নাট্য কৰ্মশালাৰ অনুষ্ঠিত কৰি আহিছে বুলি জানিবলৈ দিয়ে অভিনেতা গৰাকীয়ে । আনহাতে লক্ ডাউনৰ সময়চোৱাত খতিগ্ৰস্ত হোৱা গ্ৰামাঞ্চলৰ লোক শিল্পী সকলক ৰাজ্য চৰকাৰক সহায় কৰিবলৈ আহ্বান জনায় অভিনেতা এম ওখ্ৰাঙ বড়োৱে ।লগতে পঢ়কঃসুশান্তৰ অন্তিমখন ছবিৰ ট্ৰেইলাৰে ভাবুক​ কৰি তুলিলে অনুৰাগীক

ABOUT THE AUTHOR

...view details