চিটাৰা ডেস্ক, ৩১ জুলাই: 'স্বাগ ছে কৰেংগে ছবকা স্বাগত' গীতটিৰ গায়িকা নেহা ভছিনক ৰিয়েলিটি শ্ব' বিগ বছ অ'টিটি(Bigg Boss OTT)ৰ প্ৰথম প্ৰতিযোগী হিচাপে নিৰ্ধাৰণ কৰা হৈছে । শ্ব'টোৰ ছিজন-১৫ৰ ডিজিটেল সংস্কৰণৰ আঁত ধৰিব ছবি নিৰ্মাতা কৰণ জোহৰে । নেহাই অনুষ্ঠানটোত প্ৰৱেশ কৰাৰ কথা ষ্ট্ৰীমিং প’ৰ্টেল ভূতে নিশ্চিত কৰিছে । অনুষ্ঠানটোত অংশগ্ৰহণ কৰিবলগীয়া আন আন তাৰকাসকলৰ নাম এতিয়াও গোপনে ৰখা হৈছে ।
'স্বাগ ছে কৰেংগে ছবকা স্বাগত', আছালাম-ই-ইছকম', 'হীৰিয়ে' আৰু 'জগ ঘুমেয়া' শীৰ্ষক কেইবাটাও জনপ্ৰিয় গীতত কণ্ঠদান কৰিছে নেহাই । ৮ আগষ্টত ভূতত প্ৰিমিয়াৰ হ'ব বিগ বছ অ'টিটি ছিজন-১৫ । কৰণে বিগ বছ অ'টিটি ছয় সপ্তাহৰ বাবে আঁত ধৰিব । ডিজিটেল বিশেষ সম্প্ৰচাৰ সম্পূৰ্ণ হোৱাৰ পিছত কালাৰ্ছত শ্ব'টো সম্প্ৰচাৰিত হ'ব আৰু বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানে(Salman Khan) শ্ব'টোৰ আঁত ধৰিব ।