চিটাৰা ডেস্ক, 12 ছেপ্তেম্বৰ : বিগ বছ অ’টিটিৰ(Bigg Boss OTT) প্ৰতিযোগী অভিনেতা ৰাকেশ বাপটক(Raqesh Bapat) শেহতীয়াকৈ সহ-প্ৰতিযোগী শমিতা চেট্টীৰ(Shamita Shetty) সৈতে গঢ়ি উঠা সম্পৰ্কৰ কথা প্ৰকাশ কৰা দেখা গৈছে ৷ বন্ধুত্ব আৰু ৰোমাণ্টিক মূহুৰ্তৰে দৰ্শকৰ মাজত জনপ্ৰিয় হৈ পৰা প্ৰতিযোগী ৰাকেশ বাপট(Raqesh Bapat) আৰু শমিতা চেট্টীৰ(Shamita Shetty) মাজত বিগত কিছুদিনৰ পৰা কাজিয়া কৰা পৰিলক্ষিত হৈছে ।
ইয়াৰ পূৰ্বে ৰাকেশ আৰু শমিতাৰ সম্পৰ্কই দৰ্শকসকলৰ দৃষ্টি আকৰ্ষণ কৰিছিল ৷ কিন্তু কিছুদিনৰ পৰা দুয়োৰে মাজত ঘটা মনো-মালিন্যই দুয়োৰে লগতে অনুৰাগীসকলৰ মনতো দুখ দিছে ৷ শেহতীয়াকৈ সম্প্ৰচাৰ হোৱা এটা ক্লিপত ৰাকেশে নেহা ৱাছিনৰ সৈতে তেওঁ শমিতাৰ সৈতে কটোৱা সুন্দৰ মূহুৰ্তবোৰ শ্বেয়াৰ কৰে ৷
ৰাকেশে নেহা ভাছিনক কৈছে, ‘‘মই কেতিয়াও সম্পৰ্কত থাকিব বিচৰা নাছিলো ৷ মই তেওঁক প্ৰতিবাৰেই আটাইতকৈ সমৰ্থন কৰি আহিছো ৷ যেতিয়াই তেওঁ ভাঙি পৰিছিল মই তেওঁৰ সৈতে আছিলো । কিন্তু তেওঁ আশা নকৰাই ভাল যে প্ৰতিবাৰেই মই তেওঁৰ বাবে মাত মাতিম । তেৱোঁ মোৰ সৈতে থকাতো প্ৰয়োজন আছিল’’ ৷