চিটাৰা ডেস্ক,14 নৱেম্বৰ : সাধাৰণতে টেলিভিশ্বনৰ ৰিয়েলিটি শ্ব’সমূহ হাই ভ’ল্টেজ ড্ৰামাৰে সাঙুৰ খাই থাকে ৷ কালাৰ্ছত সম্প্ৰচাৰ হোৱা ৰিয়েলিটি শ্ব’ বিগ বছতো প্ৰতিবছৰে হাই ভ’ল্টেজ ড্ৰামা দেখিবলৈ পোৱা যায় ৷ এই ড্ৰামাৰে শ্ব’টোৱে শীৰ্ষ ৰেটিং লাভ কৰিবলৈ সক্ষম হৈছে ৷
বিগ বছৰ পূৰ্বৰ চিজনসমূহৰ হাই ভ’ল্টেজ ড্ৰামাসমূহৰ ভিতৰত-
স্বামী ওমৰ প্ৰসাৱ নিক্ষেপন : বিগ বছৰ 10 নং চিজনত স্ব-ঘোষিত ভগৱান স্বামী ওমে এনেকুৱা কিছুমান কাম কৰিছে,যিবোৰ অকল্পনীয় ৷ এক টাস্কৰ জৰিয়তে তেওঁ প্ৰতিযোগী বাণী জে আৰু ৰোহন মেহৰাক প্ৰসাৱ নিক্ষেপ কৰে ৷ ইয়াৰ পাচত বিগ বছে স্বামী ওমক হাউছৰ পৰা বাহিৰ কৰি দিয়ে ৷
ইমাম ছিদ্দিকীয়ে দেহৰ পৰা সমগ্ৰ পোছাক খুলি পেলায় : 6 নং চিজনত ইমাম আটাইতকৈ বিতৰ্কিত হাউছমেট আছিল ৷ সহযোগী প্ৰতিযোগী আস্কা গোৰাড়িয়াক সমস্যাত পেলাবলৈ ইমামে তেওঁৰ দেহৰ পৰা সমগ্ৰ পোছাক খুলি পেলাইছিল ৷ ইয়াৰ পাচতে ইমামক হাউছৰ পৰা বাহিৰ কৰি দিয়া হয় ৷
ঋষভ সিন্হাৰ খাদ্য আৰু পানীত থুৱায় কিশ্বৰ মাৰ্চেণ্টে : অভিনেত্ৰী কিশ্বৰ মাৰ্চেণ্টে সহযোগী প্ৰতিযোগী ঋষভ সিন্হাৰ খাদ্য আৰু পানীত থু পেলোৱা পৰিলক্ষিত হয় ৷ ঋষভে কিশ্বৰক প্ৰায় তিনি ঘণ্টা সময় ধৰি এটা টাস্ক কৰিবলৈ আদেশ দিয়াৰ পাচত কিশ্বৰে এই কাৰ্য সংঘটিত কৰে ৷
জান কুমাৰ চানুক শৌচাগাৰত হাত থ’বলৈ নিৰ্দেশ ইজাজ খানৰ : বিগ বছৰ 14 নং চিজনত ডেভিল্ছ বনাম এঞ্জেল্ছ নামৰ এটা টাস্কত ডেভিল্ছ টীমৰ ইজাজ খানে এঞ্জেল্ছৰ জান কুমাৰ চানুক শৌচাগাৰত হাত থ’বলৈ নিৰ্দেশ দিয়ে ৷ টাস্কত জয়ী হ’বলৈ জানে শৌচাগাৰত হাত থ’বলৈ বাধ্য হয় ৷
কুশাল টেণ্ডনে কুকুৰৰ বাটিৰ পৰা খাবৰ বাবে পানী উলিয়ায় : 7 নং চিজনত কুশাল টেণ্ডনে এটা কুকুৰৰ বাটিৰ পৰা খাবৰ বাবে পানী উলিয়াবলৈ যায় ৷ কুশালৰ প্ৰতিদ্বন্দী টীমৰ সদস্যসকলে কুশালক এই কাম কৰিবলৈ নিৰ্দেশ দিছিল ৷
আলী কুলী মিৰ্জাই গৌতম গুলাটীক চুম্বন কৰিবলৈ বিচাৰিছিল : 8 নং চিজনত আলী কুলী মিৰ্জাই বিজেতা গৌতম গুলাটীক চুম্বন কৰিব বিছাৰিছিল ৷ আলীয়ে প্ৰথমতে গৌতমৰ ওঁঠত থকা তিলৰ প্ৰশংসা কৰে ৷ ইয়াৰ পাচত তেওঁ গৌতমৰ ওঁঠত চুম্বন কৰাৰ ইচ্ছা প্ৰকাশ কৰে ৷
ডলী বিন্দ্ৰাৰ দেহত ভূত লম্ভাৰ নাটক : 4 নং চিজনৰ আটাইতকৈ বিতৰ্কিত প্ৰতিযোগী ডলী বিন্দ্ৰাৰ এশাৰী বাক্যই শ্ব’টোত খলকনিৰ সৃষ্টি কৰিছিল ৷ তেওঁৰ বাক্যশাৰী হৈছে ‘‘বাপ পে জানা ন্যেহী’’ ৷ এটা টাস্কত ডলীৰ হঠাতে মূৰ ঘূৰায় যদিও তেওঁ অসহায়ভাৱে কাম কৰে আৰু পাচত হাঁচিয়াবলৈ আৰম্ভ কৰে যেন তেওঁক ভূতে লম্ভিছে ৷ টাস্কযোগে তেওঁ অচেতন হোৱাৰ নাটক কৰাৰ পাচত ডলীৰ জনপ্ৰিয়তা বৃদ্ধি পাইছিল ৷
ডাষ্টবিনত লাঠিয়ায় পূজা মিশ্ৰাই : 5 নং চিজনত পূজা মিশ্ৰাই এটা ডাষ্টবিন লাঠিয়াই ভাঙি পেলায় ৷ পূজাৰ সোণালী নাগৰাণীৰ সৈতে হোৱা মতানক্যৰ পাচত কিছু সামগ্ৰীৰ মাত্ৰা কম হৈছিল ৷ ডাষ্টবিন লাঠিওৱাৰ পাচত পূজাৰ ব্যৱহাৰ সকলোৰে আগত ওলাই পৰে ৷
লগতে পঢ়ক :মোবাইলৰ স্ক্ৰীণৰ ছবিয়ে ছবিগৃহৰ নিচিনা আকৰ্ষণ কৰিব নোৱাৰে : অক্ষয় কুমাৰ