চিটাৰা ডেস্ক, 10 নৱেম্বৰ : বিগ বছ অ’টিটি(Bigg Boss OTT)ৰ প্ৰতিযোগী তথা বৰ্তমান চলি থকা বিগ বছ 15(Bigg Boss 15)ৰ Wild-Card Entry ৰাকেশ বাপত(Raqesh Bapat)ক ভৰ্তি কৰোৱা হৈছে হাস্পতালত ৷ শ্ব’ চলি থকাৰ মাজভাগতে কিডনীত পাথৰ পৰাৰ ফলত বুকুৰ বিষ অনুভৱ কৰে আৰু ততালিকে তেওঁক হাস্পতাললৈ লৈ যোৱা হয় ৷
প্ৰাপ্ত তথ্য অনুসৰি, 8 নৱেম্বৰত শ্ব’ত অংশগ্ৰহণ কৰি থকাৰ মাজতে ৰাকেশে বুকুৰ বিষ অনুভৱ কৰে ৷ পিছদিনাই তেওঁক শ্ব’ৰ পৰা উলিয়াই হাস্পতালত ভৰ্তি কৰোৱা হয় ৷ সম্প্ৰতি মুম্বাইৰ এখন হাস্পতালত চিকিৎসাধীন হৈ আছে ৰাকেশ ৷ সুস্থ হ’লে ৰাকেশে পুনৰ শ্ব’লৈ উভতি যোৱাৰ আশা প্ৰকাশ কৰা হৈছে ৷