অসম

assam

ETV Bharat / sitara

পূৰ্বে নিৰ্ধাৰিত আছিল নেকি "Big Boss-13" ৰ বিজয়ীৰ নাম ?? - Bigg Boss 13 was fixed? Here's what Asim Riaz has to say

বিগ বছ 13 ৰ বিজেতা সিদ্ধাৰ্থ শুক্লাৰ ক্ষেত্ৰত উদাৰ আছিল নেকি শ্ব'টো ?

বিগ বছ 13 ৰ বিজেতা সিদ্ধাৰ্থ শুক্লাৰ ক্ষেত্ৰত উদাৰ আছিল নেকি শ্ব'টো ?
বিগ বছ 13 ৰ বিজেতা সিদ্ধাৰ্থ শুক্লাৰ ক্ষেত্ৰত উদাৰ আছিল নেকি শ্ব'টো ?

By

Published : Feb 17, 2020, 11:25 AM IST

চিতাৰা ডেস্ক, 17 ফেব্ৰুৱাৰীঃবিগ বছ 13ৰ বিজয়ী সিদ্ধাৰ্থ শুক্লাই যি সময়ত বিজয় উল্লাসত ব্যস্ত আছিল সেই সময়তে আনফালে কালাৰ্চৰ পৰা পদত্যাগ কৰে চেনেলটোৰ এগৰাকী কৰ্মচাৰী ফেৰিহাই ৷ জানিব পৰা মতে,বিগ বছ 13ৰ বিজেতা সিদ্ধাৰ্থ শুক্লাৰ বাবে পদত্যাগ কৰে কৰ্মচাৰীগৰাকীয়ে ৷ লগতে " সিদ্ধাৰ্থ শুক্লা এই অনুষ্ঠানৰ বিজেয়ী হ'ব বুলি চেনেলটোৱে পূৰ্বতেই নিৰ্ধাৰিত কৰিছিল সেয়ে ইয়াৰ প্ৰতিবাদত মই এই চেনেলটোৰ স'তে কোনো কাৰণতে জৰিত হৈ থাকিব নিবিচাৰো "বুলি ফেৰিহাই নিজ টুইটাৰৰ জৰিয়তে চেনেলটোৰ ওপৰত অভিযোগ উত্থাপন কৰে ৷

আনহাতে ফেৰিহাৰ এই অভিযোগক একেমুখে সমৰ্থন কৰে প্ৰিয়ংকা চোপ্ৰাৰ সম্বন্ধীয় ভগ্নী তথা অভিনেত্ৰী মিৰা চোপ্ৰাই ৷ অভিনেত্ৰীগৰাকীয়ে টুইটাৰ জৰিয়তে কয় য়ে,"মই বিগ বছ চোৱা বন্ধ কৰি দিলো ৷ এই শ্ব'টোৱে সম্পূৰ্ণৰূপে পক্ষপাতিত্ব কৰে ৷ শ্ব'টোৱে সদাই ভিলেইন সিদ্ধাৰ্থ শুক্লাক হিৰ' বনোৱাৰ চেষ্টা কৰে ৷ সঁচা অৰ্থত এই শ্ব'টোৰ বিজয়ী আছিল আসীম ৰিয়াজ,ৰশ্মি দেশাই অথবা আৰতি সিং ৷ আমি শ্ব'টোৰ এই পক্ষপাতিত্ব বহুন আগৰ পৰা জানো যদিও আপুনি এই বিষয়ে মুখ খোলাৰ বাবে গৌৰৱবোধ কৰিছে ৷ "

লগতে পঢ়কঃ ডিবাং ভেলিৰ আনিনিৰ ছাত্ৰ ছাত্ৰীৰ ৰাষ্ট্ৰপতিৰ স'তে বাৰ্তালাপ

আনহাতে এই সকলোবোৰ অভিযোগৰ বিৰোধিতা কৰে শ্ব'টোৰ ৰানাৰ্ছ আপ আসীম ৰিয়াজে "এই সকলোবোৰ অভিযোগ মিছা,শ্ব'টোত কোনো ধৰণৰ পক্ষপাতিত্ব চলা নাই ৷ দৰ্শকৰ সঁহাৰিত মই ৰানাৰ্ছ আপ আৰু সিদ্ধাৰ্থ বিজয়ী ৷ শ্ব'টোত দৰ্শকে যিটো দেখিছিল সেয়াই সত্য আছিল"বুলি মন্তব্য কৰে আসীম ৰিয়াজে ৷

ABOUT THE AUTHOR

...view details