চিটাৰা ডেস্ক, 24 আগষ্ট:মহামাৰী ক’ভিড-19ৰ পৰা আৰোগ্য লাভ কৰাৰ পাচত বিগ বি অমিতাভ বচ্চনে সোমবাৰে তেওঁৰ বহুচৰ্চিত টেলিভিশ্যন কুইজ শ্ব’ ‘কৌন বনেগা কৰোড়পতি’ৰ বাবে শ্বুটিং আৰম্ভ কৰে ৷ শ্বুটিংস্থলীৰ পৰা তেওঁ শ্বেয়াৰ কৰা ফটোৰ জৰিয়তে এই কথা অনুমান কৰিব পৰা যায় ৷
‘কৌন বনেগা কৰোড়পতি’ৰ 12 নং সংস্কৰণৰ শ্বুটিং আৰম্ভ কৰাৰ মূহুৰ্তত মেগাষ্টাৰ বচ্চনে কলা-কুশলীৰ সৈতে ইনষ্টাগ্ৰামযোগে এখন ক’লাজ শ্বেয়াৰ কৰে ৷ এই ফটোখনত প্ৰডাকচন দলটোৱে নীলা ৰঙৰ পিপিই কিট পৰিধান কৰা পৰিলক্ষিত হয় ৷