অসম

assam

ETV Bharat / sitara

অৱশেষত গোচৰ তৰিলে প্ৰীতি কংগনাই - গোচৰ তৰিলে প্ৰীতি কংগনাই

ছ'চিয়েল মিডিয়াত সৰৱ হৈ পৰিছে বেগমজান ধাৰাবাহিকৰ বিতৰ্ক ৷ ইয়াৰ মাজতে একাংশই আক্ৰমণৰ লক্ষ্য কৰি লৈছে বেগমজানৰ অভিনেত্ৰী প্ৰীতি কংগনাক ৷ অশ্লীল তথা হত্যাৰ দৰে ভাবুকি প্ৰদান কৰা মন্তব্যৰ পৰিপেক্ষিতত শেহতীয়াকৈ দিছপুৰ আৰক্ষী থানাত গোচৰ তৰিছে অভিনেত্ৰীগৰাকীয়ে ৷

Assamese serial begam jaan actress preety kkongana FIR against mental harasser
গোচৰ তৰিলে প্ৰীতি কংগনাই

By

Published : Jul 11, 2020, 10:08 AM IST

চিটাৰা ডেস্ক,11 জুলাইঃএটা ব্যক্তিগত চেনেলৰ বেগমজান নামৰ এখন অসমীয়া ধাৰাবাহিকক লৈ তোলপাৰ লাগিছে সমগ্ৰ ৰাজ্য ৷ ধৰ্মীয় অনুভূতিত আঘাতত সনা বুলি একাংশই মন্তব্য কৰি ধাৰাবাহিকখন বন্ধ কৰাৰ বাবে দাবী উত্থাপন কৰিছে ৷ তাৰ মাজতে কেইজমানে ধাৰাবাহিকখনত অভিনয় কৰাৰ বাবে অভিনেত্ৰীগৰাকীক উদ্দেশ্যি অশালীন মন্তব্য আগবঢ়াইছে ৷ অভিনেত্ৰীগৰাকীক ধৰ্ষণ কৰি এচিড ঢালি হত্যা কৰা ভাবুকি পৰ্যন্ত দিয়ে এচাম বিকৃত মানসিকতাৰ লোকে ৷

এই মানসিক অশান্তি আৰু ভাবুকিৰ পৰিপেক্ষিতত দিছপুৰ থানাত এখন এজাহাৰ দাখিল কৰিছে অভিনেত্ৰীগৰাকীয়ে ৷ দোষীক কৰায়ত্ত কৰি আইনগত বিহিত ব্যৱস্থা গ্ৰহণৰ দাবীৰে দিছপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক আহ্বান জনাইছে প্ৰীতি কংগনাই । ইয়াৰোপৰি তেওঁ এজাহাৰৰ প্ৰতিলিপি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈও প্ৰেৰণ কৰিছে।

গোচৰ তৰিলে প্ৰীতি কংগনাই

"আজি তেজপুৰৰ বিক্ৰম নাথ নামৰ ব্যক্তিজনে মোক ধৰ্ষণ কৰি এচিড ঢালি হত্যাৰ ভাবুকি প্ৰদান কৰাৰ বাবে মোৰ নিজৰ আৰু পৰিয়ালৰ সুৰক্ষাৰ কথা ভাবি চিন্তিত হৈ পৰিছো।"এইদৰে এজাহাৰত উল্লেখ কৰিছে অভিনেত্ৰী প্ৰীতি কংগনাই ৷

ইয়াৰ লগতে অন্য এজনে দিয়া ভাবুকিৰ প্ৰসংগত লিখে,"লগতে কিশোৰ দাস নামৰ নলবাৰী ঘগ্ৰাপাৰাৰ লোকজনে ফেচবুক যোগে মোক ধৰ্ষণ কৰি হত্যা কৰিব লাগে বুলি উল্লেখ কৰি বহু অশ্লীল কথা পোষ্ট কৰে ।"

গৃহ নগৰ পুৰ্ণিয়াত প্ৰয়াত সুশান্ত সিং ৰাজপুতৰ নামত পথৰ নামাকৰণলগতে পঢ়কঃ

ABOUT THE AUTHOR

...view details