গুৱাহাটী, 28 মাৰ্চঃ বিশ্ববাসী আতংকিত হৈ আছে কৰ'ণা ভাইৰাছকলৈ ৷ এই সময়ত সাধাৰণ খাটি খোৱা মানুহৰ পৰা আৰম্ভ কৰি তাৰকালৈকে সকলো গৃহবন্দী হৈ আছে ৷
গৃহবন্দী হৈ আছে যদিও খুবেই ব্যস্ত হৈ আছে অভিনেত্ৰী নিশিতা গোস্বামী ৷ থাপনাৰ পৰা পাকঘৰলৈ সকলো কামতে ব্যস্ত নিশিতা গোস্বামী। ৰাতিপুৱাৰ পৰা নিজ পুত্ৰৰ সৈতে ব্যস্ত হৈ আছে অভিনেত্ৰীগৰাকী ৷ ইফালে পাকঘৰত ৰান্ধিছে তেওঁ সুস্বাদু খাদ্য ৷ পাকঘৰত পৰিয়ালৰ বাবে মাছৰ টেঙা,পুত্ৰৰ বাবে পনীৰ সকলো ৰান্ধিলে অভিনেত্ৰী নিশিতা গোস্বামীয়ে। কেৱল সেয়াই নহয় নিজ পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰি আনন্দিত অভিনেত্ৰী গৰাকী ।