চিটাৰা ডেস্ক,14 ডিচেম্বৰ : অসমীয়া চলচ্চিত্ৰ জগতলৈ এক সুখবৰ ৷ এমবি প্ৰডাকচনৰ বেনাৰত নিৰ্মিত অসমীয়া ছবি ‘ৰিয়াজ’য়ে বিশ্বৰ বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত প্ৰতিযোগিতা তথা প্ৰদৰ্শনীৰ বাবে নিৰ্বাচিত হৈছে ৷
11 ডিচেম্বৰত ইটালীৰ 74th International Film Festival of Salernoত ৱৰ্ল্ড প্ৰিমিয়াৰত স্থান পাইছে ৰিয়াজ ছবিখনে ৷ আনহাতে চলিত মাহৰ শেষৰ ফালে ভাৰতৰ Diorama International Film Festivalত প্ৰদৰ্শিত হ’ব ছবিখন ৷ ইয়াৰোপৰি Asian Film Festival, Los Angles Hollywood, Stockholm City Film Festival, LIIFT India Filmotsav- World Cine fest, Buddha International Film Festival, Pune আদি চলচ্চিত্ৰ মহোৎসৱলৈও নিৰ্বাচিত হৈছে এই ছবিখন ৷
যোৰহাটৰ যুৱ ছবি নিৰ্মাতা মৃগাংক বৰাৰ প্ৰযোজনাত নিৰ্মাণ হোৱা ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে স্বাগতা ভৰালী আৰু সৌমাৰ জ্যোতি বৰাই ৷ ৰিয়াজৰ পটভূমি হৈছে সংগীত, কবিতা আৰু প্ৰেম ৷ নিৰ্মাতাৰ ভাষাত সংগীত আৰু কবিতাৰ মাজেৰে প্ৰকৃত প্ৰেমক বুজি পোৱাৰ এক নতুন প্ৰচেষ্টাৰ নামেই হৈছে ‘ৰিয়াজ’ ৷