গুৱাহাটী,1 মে'ঃমাজুলীৰ পটভূমিত অনুপম কৌশিক বৰাৰ কাহিনী, পৰিচালনা আৰু প্ৰযোজনাৰে নিৰ্মিত অসমীয়া ছবি 'বৰনদী ভটিয়ায়' মুক্তি লাভ কৰা প্ৰায় এবছৰৰ পিছতো দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈ আছে । 2019 বৰ্ষৰ 3 মে'ত ছবিগৃহলৈ অহা ছবিখনে চতুৰ্থ সপ্তাহ পৰ্যন্ত অসমৰ ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছিল ।
ছবিগৃহত চাই হেঁপাহ নপলোৱা ছবিখন পুনৰ চাবৰ বাবে অনুৰোধ আহিল দৰ্শকৰ পৰা ৷ অসম তথা অসমৰ বাহিৰৰ পৰাও বহু চিনেমাপ্ৰেমীয়ে ছ'চিয়েল মিডিয়াত অনুৰোধ জনোৱাৰ পৰিপ্ৰেক্ষিতত সাম্প্ৰতিক পৰিস্থিতিত সকলোৱে ঘৰতে বহি বৰনদী ভটিয়ায় ছবিখন অনলাইন চোৱাৰ ব্যৱস্থা কৰি দিছে ছবিখনৰ পৰিচালক অনুপম কৌশিক বৰাই।