পাঁচশ নাচনীৰ বিহু নৃত্যত উখল-মাখল নগাঁৱৰ এখন ইংৰাজী মাধ্যমৰ বিদ্যালয় - assamese culture showcase
নগাঁৱৰ এখন আগশাৰীৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ত বিদ্যালয়ৰে 500 গৰাকী ছাত্ৰীক দেখিবলৈ পোৱা গ'ল নাচনী ৰূপত ৷ বিদ্যালয়ৰ 'এথলেটিক মিট' উপলক্ষে বিদ্যালয়খনৰ কৰ্তৃপক্ষই আয়োজন কৰে এই সাংস্কৃতিক কাৰ্য্যসূচীৰ।
![পাঁচশ নাচনীৰ বিহু নৃত্যত উখল-মাখল নগাঁৱৰ এখন ইংৰাজী মাধ্যমৰ বিদ্যালয় assamese-culture-showcase-at-nagaon-christ-jyoti-vidyalaya](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6044027-thumbnail-3x2-a.jpg)
নগাঁও,12 ফেব্ৰুৱাৰীঃঅসমীয়া ভাষা, সংস্কৃতিৰ প্ৰতি ভাবুকিৰ সৃষ্টি হোৱাৰ আশংকাই সকলোকে চিন্তিত কৰাৰ সময়তে এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়ত একেলগে পাঁচশ নাচনীৰ বিহু নৃত্যই সৃষ্টি কৰিলে এক অনন্য পৰিৱেশৰ ৷ বুধবাৰে নগাঁও খ্ৰাইষ্ট জ্যোতি বিদ্যালয়ত দেখা গ'ল এনে অনন্য পৰিৱেশ । বিদ্যালয়খনৰ 'এথলেটিক মিট'ত ইংৰাজী মাধ্যমৰ বিদ্যালয়খনৰ কৰ্তৃপক্ষই আয়োজন কৰে এনে কাৰ্য্যসূচীৰ । পাঁচশ নাচনীৰ ৰূপত দেখা গ'ল বিদ্যালয়ৰে ছাত্ৰীসকলক । বিদ্যালয়খনৰ ছাত্ৰ-ছাত্রীক দিয়া এমাহজোৰা প্ৰশিক্ষণৰ অন্তত 'এথলেটিক মিট'ত এনেদৰে বিহু নৃত্য প্ৰদৰ্শন কৰে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীয়ে । বিদ্যালয়খনৰ আয়োজন কৰা এই এথলেটিক মিটত সৃষ্টি হয় এক উদুলি মুদুলি পৰিৱেশৰ । শিক্ষানুষ্ঠানখনত আয়োজন কৰা কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰি উৎফুল্লিত আৰক্ষী অধীক্ষক অভিজিৎ গুৰাৱ । তেওঁৰ লগতে এই শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে নগাঁও বন্যপ্ৰাণী সংমণ্ডল বিষয়া টি চি ৰঞ্জিত, অষ্টম আছাম ৰেজিমেন্টৰ কৰ্ণেল অজয় প্ৰভাকৰৰ দৰে বিশিষ্ট ব্যক্তিসকল ৷