অসম

assam

ETV Bharat / sitara

চ'ছিয়েল মিডিয়াৰ জৰিয়তে জানিব পৰা যাব 'কা' বিৰোধী সংগ্ৰামৰ তথ্য - নতুন ৱেৱচাইটwww.assamagainstcaa.in

বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত শিল্পীসকলে সংবাদমেলৰ আয়োজন কৰি সাধাৰণ ৰাইজক জনাই যে, এক নতুন ৱেৱচাইট www.assamagainstcaa.inৰ জৰিয়তে 'কা' বিৰোধী সংগ্ৰামৰ সকলো তথ্য জানিব পাৰিব বিশ্ববাসীয়ে ।

assam artists pressmeet
বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত শিল্পীসকলৰ সংবাদমেল

By

Published : Feb 6, 2020, 8:27 PM IST

গুৱাহাটী,6 ফেব্ৰুৱাৰীঃ বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হয় জুবিন গাৰ্গ, গৰিমা শইকীয়া গাৰ্গ, মানস ৰবীন, বৰষা ৰাণী বিষয়া, ৰবি শৰ্মাৰ এক সংবাদমেল । শিল্পীসকলে সংবাদমেলৰ আয়োজন কৰি সাধাৰণ ৰাইজক জনাই যে, এক নতুন ৱেৱচাইট www.assamagainstcaa.inৰ জৰিয়তে 'কা' বিৰোধী সংগ্ৰামৰ সকলো তথ্য জানিব পাৰিব বিশ্ববাসীয়ে । ইয়াৰ জৰিয়তে 'কা' বিৰোধী সংগ্ৰামৰ সকলো তথ্য জানিব পাৰিব বিশ্ববাসীয়ে । ফেচবুক আৰু টুইটাৰটো লাভ কৰিব ইয়াৰ তথ্য । সংবাদমেলত এই কথা ঘোষণা কৰে জুবিন গাৰ্গে । গৰিমা শইকীয়া গাৰ্গে কয় যে, "এয়া সমূহীয়া প্ৰচেষ্টা, সকলোৱে একেলগ হৈ আগবাঢ়িম । আমি যাতে চ'ছিয়েল মিডিয়াৰ জৰিয়তে প্ৰকৃত বাৰ্তা প্ৰেৰণ কৰিব পাৰো তাৰ বাবেই এই ব্যৱস্থা কৰা হৈছে ।" সংবাদমেলত ৰবি শৰ্মাই কয় যে, "এতিয়া যেতিয়াই বিচাৰিব সকলো তথ্যপাতি মানুহে চাব পাৰিব ।"

'কা' বিৰোধিতা কৰা সকলোকে ৱেবচাইট যোগে নাম পঞ্জীয়ন কৰাৰ আহ্বান জনায় লগতে কয় যে "কিমানে 'কা' বিৰোধিতা কৰিছে সেয়া তেতিয়া স্পষ্ট হ'ব । আমাৰ আন্দোলনৰ সন্মুখত যি এখন পৰ্দা দিব বিচৰা হৈছিল সেয়া এতিয়া আঁতৰিব ।" লগতে ফিল্মফেয়াৰ সন্দৰ্ভত বৰষা ৰাণী বিষয়াই কয় যে, "সকলোৰে নিজৰ চিন্তা-ধাৰা আছে । সকলোৰে চিন্তা-ধাৰাক মই সন্মান কৰোঁ । আমি আগতে যেতিয়া অনুষ্ঠানৰ কাৰণে বাহিৰত যাওঁ তেতিয়া অসমৰ কথা বহুতে নাজানে । কিন্তু শেহতীয়াকৈ যি কেইটা বিজ্ঞাপন সম্প্ৰচাৰ হৈছে মই দেখি ভাল পাইছোঁ । ইয়াৰ জৰিয়তে অসম খনক বিশ্ববাসীয়ে চিনি পাব ৷ কিন্তু ফিল্ম ফেয়াৰ সন্দৰ্ভত মই পূৰ্বৰ স্থিতিতে অটল আছোঁ । মই ফিল্ম ফেয়াৰত সহযোগ নকৰোঁ । 'কা' সমৰ্থনত থকা চৰকাৰৰ কোনো সিদ্ধান্ত ই মই মানি নলওঁ। "

বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত শিল্পীসকলৰ সংবাদমেল

লগতে জুবিন গাৰ্গে কয় যে, "2021ত বিকল্প কি হ'ব সেয়া ক'বলৈ এতিয়া অসুবিধা । সঠিক সময়ত ৰাইজে সিদ্ধান্ত ল'ব । এতিয়া কথা হল 'কা' বাতিল কৰিব লাগে । খেল হ'ব, ফিল্ম ফেয়াৰ হ'ব, সেয়া বেলেগ কথা ।"

আৰু পঢ়কঃমুক্তি পালে কৰিশ্মা তন্না অভিনীত শিৱসাগৰৰ এক বিশেষ তথ্য চিত্ৰ



ABOUT THE AUTHOR

...view details