অসম

assam

ETV Bharat / sitara

ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা শিল্পীকে বিভিন্নজনৰ - assamese people on the occassion of Bihu

কৰ'ণা মহামাৰীৰ ভয়াৱহতাৰ মাজতে অনুষ্টুপীয়াকৈ প্ৰতিজন অসমীয়াই পালন কৰিছে চেনেহৰ বিহুটি। এইবাৰ লক ডাউনৰ বাবে অনুষ্ঠানসমূহ বাতিল হোৱা হেতুকে অসমৰ শিল্পীসমাজেও ঘৰতে থাকি বিহু আনন্দ উপভোগ কৰাৰ লগতে ভিডিঅ' যোগে অনুৰাগীক দিছে বিহুৰ সুবাস।

artist and politician wishes assamese people on the occassion of Bihu
ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা শিল্পী-ৰাজনীতিবিদৰ

By

Published : Apr 14, 2020, 1:40 PM IST

গুৱাহাটী,14 এপ্ৰিলঃ আজি পহিলা ব'হাগ। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বৰ্ণালী কলিতা, অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্য আৰু বিজেপি যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি পুনম মহাজনে সমূহ ৰাইজক ৰঙালী বিহুৰ লগতে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছে ৷ ঘৰতে বহি গীত গাই বিহুৰ শুভেচ্ছা জনাই অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বৰ্ণালী কলিতা, অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্যই । লগতে চৰকাৰৰ নিয়ম মানি চলি কৰ'ণা প্ৰতিহত কৰিবলৈ আহ্বান জনাই অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্যই। ইফালে বিজেপি যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি পুনম মহাজনে অসমীয়া ৰাইজক বিহুৰ শুভেচ্ছা জনোৱাৰ লগতে সকলোকে ঘৰতে থাকিবলৈ আহ্বান জনায় ৷

ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা শিল্পী-ৰাজনীতিবিদৰ

ABOUT THE AUTHOR

...view details