অসম

assam

By

Published : Nov 12, 2020, 5:26 PM IST

ETV Bharat / sitara

ওম জয় জগদিশ হ’ৰে" মুকলি কৰি বিশ্ববাসীক দিৱালীৰ শুভেচ্ছা মেৰী মিলবেনৰ

ভিডিঅ'টো ছেডনাৰ ফ'ল ক্ৰছৰ চেপেলত শ্বুটিং কৰা হৈছে । "ওম জয় জগদিশ হ'ৰেৰ সংগীত দিছে কানাডিয়ান স্ক্ৰীণ এৱাৰ্ড আৰু গ্ৰেমী মনোনীত ৰচয়িতা ডাৰিল বেনেটে ৷

American singer releases virtual performance of 'Om Jai Jagdish Hare' for Diwali
ওম জয় জগদিশ হ’ৰে" মুকলি কৰি বিশ্ববাসীক দিৱালীৰ শুভেচ্ছা মেৰী মিলবেনৰ

চিটাৰা ডেস্ক,12 নৱেম্বৰ : আমেৰিকাৰ জনপ্ৰিয় কণ্ঠশিল্পী মেৰী মিলবেনে "ওম জয় জগদিশ হ’ৰে" গীতটো মুকলি কৰি বিশ্ববাসী বিশেষকৈ ভাৰত আৰু আমেৰিকাৰ লোকসকলক পোহৰৰ উৎসৱ দীপাৱলীৰ শুভেচ্ছা জনায় ৷ "ওম জয় জগদিশ হ'ৰে, গীতটো দিৱালীৰ সময়ত আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ ভাৰতীয় সম্প্ৰদায়ৰ লোকৰ ঘৰত পৰিবেশন কৰা এটা সুন্দৰ হিন্দী ভজন । মিলবেনে গীতটোৰ সন্দৰ্ভত কয় যে, এই গীতটিয়ে মোক আগুৱাই যোৱাত উৎসাহিত কৰে ৷ ই মোৰ আত্মা স্পৰ্শ কৰিছে আৰু ভাৰতীয় সংস্কৃতিৰ প্ৰতি মোৰ আবেগ বৃদ্ধি কৰিছে ।

মিলবেনে লগতে কয় যে, ভাৰত, ভাৰতৰ জনসাধাৰণ আৰু ভাৰতীয়-আমেৰিকান সম্প্ৰদায়ৰ লোকসকল মোৰ বাবে অতি বিশেষ । মোৰ হিন্দী শিক্ষা আৰু অধ্যয়নে ভাৰতীয় সংস্কৃতি আৰু ভাৰতৰ প্ৰতি প্ৰেম বৃদ্ধি কৰিছে । মই ভাৰতৰ সংস্কৃতি, চিনেমা আৰু সংগীতত নিবিষ্ট হৈছো । এই সময়ছোৱাত ওম জয় জগদিশ হ’ৰে দৰে গীত শিকাটো মোৰ জীৱনৰ বাবে সঁচা আশীৰ্বাদ হৈ পৰিছে ।

মিলবেনে লগতে কয় যে, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতে গণতন্ত্ৰ আৰু স্বাধীনতাৰ মূল্য ভাগ বতৰা কৰে ৷ উল্লেখ্য যে, ২০২০ চনৰ ১৫ আগষ্টত ৭৪ তম স্বাধীনতা দিৱসত ভাৰতৰ জাতীয় সংগীত পৰিবেশন কৰি মিলবেন ভাৰতত এটা পৰিচিত কণ্ঠত পৰিণত হয়। এগৰাকী স্বতন্ত্ৰ শিল্পী হিচাপে, মিলবেন একেৰাহে তিনিজন মাৰ্কিন ৰাষ্ট্ৰপতি জৰ্জ ডব্লিউ বুশ্ব, বাৰাক অবামা আৰু ড’নাল্ড ট্ৰাম্পৰ বাবে গীত পৰিৱেশন কৰি বিশ্বৰ এটি উদীয়মান কণ্ঠত পৰিণত হৈছে । ভিডিঅ'টো ছেডনাৰ ফ'ল ক্ৰছৰ চেপেলত শ্বুটিং কৰা হৈছে । "ওম জয় জগদিশ হ'ৰেৰ সংগীত দিছে কানাডিয়ান স্ক্ৰীণ এৱাৰ্ড আৰু গ্ৰেমী মনোনীত ৰচয়িতা ডাৰিল বেনেটে ৷

লগতে পঢ়ক: দ্বিতীয় দিনৰ বাবে অৰ্জুন ৰামপালৰ প্ৰেয়সী গেব্ৰিয়েল্লাক জেৰা এনচিবিৰ

ABOUT THE AUTHOR

...view details